ASSAM TIMES POST
নিউজ ডেক্স
নিউয়ৰ্কত গাড়ী চলাই ধন ঘটিছিল পিতৃয়ে৷ পিতৃয়ে কষ্টৰে ধন উপাৰ্জন কৰি কন্যাক গোটাই দিছিল টেনিছ খেলৰ সামগ্ৰী৷ এই গৰাকী কন্যাই পিতৃৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰিলে৷ শনিবাৰে নিশা গাৰবিন মুগুৰুজাক পৰাস্ত কৰি সকলোকে চমক দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছোফিয়া কেনিনে৷
লগতে টেনিছত নতুন ৰাণীৰূপে নিজকে প্ৰতিষ্ঠা কৰি পিতৃৰ স্বপ্ন বাস্তৱায়িত কৰিলে৷ অষ্ট্ৰেলিয়ান অ’পেনৰ মহিলা ছিংগলছত খিতাপ জিকি জীৱনৰ প্ৰথমটো গ্ৰেণ্ড শ্লামৰ ফাইনেলত উপনীত হৈ খিতাপ অৰ্জন কৰে ছোফিয়াই৷ ২১ বছৰীয়া ছোফিয়াই যোৱা ১২ বছৰত সৰ্ব কনিষ্ঠ হিচাপে অষ্ট্ৰেলিয়া অ’পেনৰ খিতাপ অৰ্জন কৰে৷ ২ ঘণ্টা ৩ মিনিটৰ খেলখনত ৪-৬, ৬-২, ৬-২ ছেটত ছোফিয়া জয়ী হয়৷ এয়াই হ’ল ছোফিয়া কেনিনৰ প্ৰথম গ্ৰেণ্ড শ্লাম জয়৷













