ডিফুত দুৰ্বৃত্তৰ প্ৰহাৰত ৰাজমিস্ত্ৰী গুৰুতৰ ভাবে আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শণিবাৰে পুৱা প্ৰায় ১১ বজাত প্ৰহৃত হোৱা ৰাজমিস্ত্ৰিৰ পত্নীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ স্বামী হুছেইন আহমেদক শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ বাজি ৩০ মিনিটত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে মূৰত প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰে ৷

তেওঁৰ পত্নীৰ মতে তেওঁৰ স্বামী হুছেইন আহমেদে বিৰলা সাৰদা ফিল্ডৰ ওচৰত তেওঁৰ কামৰ স্থানত যোৱাৰ পাছত সংঘটিত হয় উক্ত ঘটনা ৷ কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে তেওঁৰ স্বামীক পাছফালৰ পৰা মূৰত লো জাতীয় পদাৰ্থৰে প্ৰহাৰ কৰি গুৰুতৰ ভাবে জখম কৰে ৷ ততালিকে হুছেইন আহমেদক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ভৰ্তি কৰা হৈছে ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে ডিফু থানাত এজাহাৰ দিয়া বুলি জানিবলৈ দিছে ৷ হুছেইন আহমেদৰ পত্নীয়ে এই সন্দৰ্ভত ন্যায় বিচাৰ দাবী কৰিছে ৷