ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : মাঘ বিহুৰ প্ৰাকক্ষণতে বুধবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তই ৰখাই থোৱা বীহনৰ খিৰিকিৰ আইনা ভাঙি তিনি লক্ষ্যাধিক টকা লুটি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি কালি দুপৰীয়া ডিফু মেইনটিলা ৰংমাৰজং নিৱাসী চন্দ্ৰছিং টেৰণৰ পুত্ৰ এলৱিন টেৰণে ডিফু বেংকৰ পৰা তিনি লাখ চাৰিহাজাৰ টকা লৈ আহি নিজৰ চাৰিচকীয়া বাহনখন টিভি চেণ্টাৰ পথৰ গ্ৰাম্য জনস্বাস্থ্য কাৰ্যালয়ৰ সন্মূখত ৰখাই থৈ অলপ বাহিৰলৈ ওলাই যায় ৷
খন্তেক সময় পিছত লোকজনে ঘূৰি আহি তেওঁৰ বাহনখনৰ খিৰিকিৰ আয়না ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে লগতে গাড়ীত ভিতৰত থকা তিনি লাখ চাৰি হাজাৰ টকাও বিচাৰি নাপায় ৷ এই সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিফু থানাত ০৩/২০২২ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
ডিফু থানাৰ অ’চি জে এছ খবুঙে জানিব দিয়া অনুসৰি ঘটনাস্থলীত থকা চিচি টিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাত অস্পষ্ট বাবে ক’লা কাপোৰ আৰু মূৰত হেলমেট পৰিহিত দুজন যুৱক দৃশ্যমান হৈছে যদিও দুৰ্বৃত্ত দ্বয়ক আটক কৰিবলৈ সক্ষম হোৱা ৷ দুৰ্বৃত্তদ্বয়ক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ দিন-দুপৰতে ডিফুৰ মাজ-মজিয়াত সংঘটিত হোৱা এনে অবাঞ্চিত ঘটনুত সচেতন মহল শংতিত হৈ পৰিছে ৷