ষ্টাফ ৰিপ‘ৰ্টাৰ,ডিফু: সমাজৰ নৱ প্ৰজন্মক তিল তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ডিফুত জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিছে ইটোৰ পাছত আনটো কঠোৰ ৰায়দন ৷ যোৱা ২৯ মাৰ্চত এনডিপিএছ আইনৰ দুটাকৈ পৃথক গোচৰত তিনিজন অভিযুক্তক দোষী সাব্যস্ত কৰি ১২ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ লগতে এক লাখ টকাকৈ জৰিমনা বিহাৰ পিছত আজি পুণৰ জিলা ও সত্ৰ ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে আন এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে ৷

আজি খটখটী থানাৰ এক গোছৰৰ চূড়ান্ত ৰায়দান দি আন এজন সৰবৰাহকাৰীক ১২ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে৷জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি আজি ডিফু অতিৰিক্ত সত্ৰ ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে এজন লোকক ১২ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷
আজি জিলা ও সত্র ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে এনডিপিএছ গোছৰ নং ১০/২০২৩, খটখটী থানাৰ গোছৰ নং ৯৬/২০২২ৰ চূড়ান্ত শুনানীত গোচৰটোৰ সাক্ষীবাদীৰ সাক্ষী গ্ৰহণ কৰাৰ অন্তত আচামী নৱাজ খানক এনডিপিএছ আইনৰ ২১(c) অধীনত সাক্ষীবাদীৰ উপযুক্ত প্রমাণ পাই দোষী সাব্যস্ত কৰি ১২ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমণা বিহে, আৰু জৰিমণা অনাদায়ে অতিৰিক্ত 6 মাহ সাধাৰণ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।
এই ক্ষেত্রত বিশষকৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্রশংক্ষণীয় আছিল বুলি উল্লেখ কৰে অতিৰিক্ত লোক অধিবক্তা গৰাকীয়ে ৷ উল্লেখযোগ্য, খটখটী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত যোৱা ২০২২ চনৰ নৱেম্বৰ মীহৰ ১১ তাৰিখে বিয়লিৰ ভাগত খটখটী মাটিপুল ৰেলৱে ক্ৰছিঙৰ ওচৰত এক বিশেষ নাকা স্থাপন কৰিছিল ৷
আৰু উক্ত সময়তে নৱাজখানে এটা এয়াৰ বেগ কঢ়িয়াই ৰেল লাইনৰ মাজেদি খোজকাঢ়ি আহি থকা সময়তে আৰক্ষীৰ যুটীয়া অভিযান কাৰীৰ দলে নৱাজখালক তালাচী চলাই তেওঁৰ এয়াৰ বেগৰ পৰা ৫৫ টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৬৮৪’৫৬ গ্ৰাম সন্দেহ যুক্ত হেৰইন জব্দ তদন্ত কৰিছিল ৷ আজি জিলা ও সত্ৰ ন্যায়াধীশ গীতালি ৰাভাৰ আদালতৰ এই ৰায়দানক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷