
সোমবাৰে পুৱা ১১ বাজি ৩০ মিনিটত সদৌ অসম কৰ্মচাৰী পৰিষদ (All Assam Employees Council)ৰ আহ্বান মৰ্মে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰবি আংলং গোটে (Karbi Anglong Group) NPS ব্যৱস্থা বাতিল (NPS system canceled) কৰি OPS ব্যৱস্থা বাহাল (OPS system maintained) ৰখাৰ দাবীত হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰবি আংলং জিলা গোটৰ হৈ ভূমিধৰ তেৰাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চৰকাৰ NPS ব্যৱস্থাৰ বিৰোধিতা কৰি কয়যে কৰ্মচাৰী সকলৰ বাবে চৰকাৰে OPS ৰ সুবিধা কৰিলে চৰকাৰী কৰ্মচাৰী সকলৰ ভিৱিষ্যত সুনিশ্চিত হ’ব৷ তেওঁ চৰকাৰক OPS বাহাল ৰাখিবলৈ প্ৰাৰ্থনা জনায় ৷













