
বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বাজি ৩০ মিনিটত খটখটী কালীৰাম বস্তি (Khatkhati Kaliram Basti)ত লক্ষ্যাধিক টকাৰ অবৈধ বিলাতী সুৰাসহ (Illegal spurious liquor seized) দুজন লোকক আৰক্ষীয়ে আটক (Two men arrested) কৰিবলৈ সক্ষম হয়৷ খটখটী আৰক্ষীয়ে কালিৰাম বস্তিৰ চাৰিলেনযুক্ত পথৰ ওপৰত তালাচী চলাওতে খটখটীৰ পৰা ইম্ফল অভিমুখে গৈ থকা AS-01 PC 4897 নম্বৰৰ ট্ৰাকৰ পৰা ৮৪০ কাৰ্টুন বিভিন্ন ব্ৰাণ্ডৰ সুৰা ২০০ বেগ মমৰ কেঁচা সামগ্ৰীসহ নীলা তিৰ্পালেৰে ঢকা অৱস্থাত উদ্ধাৰ কৰে ৷

সুৰাখিনি অবৈধ ভাবে সৰবৰাহৰ লগত জড়িত ট্ৰাক খনৰ চালক ইম্ফলৰ ইয়ুম লেমবাম থইথই মেইতেই আৰু হেণ্ডিমেন ছেৰাম গকুল চন্দ্ৰ মেইতেই আটক কৰে৷ আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী দুজনে সুৰাখিনি জখলাবন্ধাৰ পৰা অনা বুলি স্বীকাৰ কৰে৷ এই সন্দৰ্ভত আৰক্ষীয়ে এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে৷ উদ্ধাৰ হোৱা সুৰাখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰা হয়৷ সুৰাখিনিৰ বজাৰ মুল্য এক কোটি টকাতকৈ অধিক মূল্য হব বুলি জানিব পৰা গৈছে৷













