অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ জনজাতীয় অধ্যয়ন কেন্দ্ৰ আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত ” ১৯৮০ চনৰ পাছত অসম, ৰাজনীতি, পৰিচয় আৰু উন্নয়ন এখন দুদিনীয়া আলোচনা চক্ৰ আজিৰে পৰা ডিফুৰ জিৰচং আচঙত অনুষ্ঠিত হৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু কেইগৰাকী অধ্যাপকে অংশ গ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ আৰম্ভনি সভাত অধ্যক্ষতা কৰে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সম উপাচাৰ্য অধ্যাপত এছ বিশ্বাসে ৷

আদৰণি ভাষণ পাঠ কৰে বিশ্ব বিদ্যালয় খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক পি বি চনজিকে ৷ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে বিশ্ব বিদ্যালয় খনৰ সহকাৰী অধ্যাপক ডঃ প্ৰফুল্ল নাথে ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচীত বহু কেইগৰাকী বিশিষ্ট অধ্যাপকে অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙো উপস্থিত থাকে ৷ বিয়লি ৪ বজাত এখন ঘূৰণীয়া মেজ মেল সভাত বিভিন্ন অধ্যাপক আৰু শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে বিশিষ্ট ৰাজনৈতিক নেতী ডঃ জয়ন্ত ৰংপি, হলিৰাম তেৰাঙ, উত্তম বাথাৰি আৰু দেৱেন্দ্ৰ মেদকে ৷ এই আলোচনা চক্ৰৰ আঁত ধৰে কিশোৰ কুমাৰ কলিতাই ৷
আলোচনা চক্ৰখনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি ডঃ প্ৰফুল্ল নাথে কয়যে, ৮০ ৰ দশকটো অসমৰ বাবে এক বিশেষ দশক ৰূপে চিহ্নিত হৈছিল ৷ বিদেশী খেদা অসম আন্দোলনৰ সমান্তৰাল ভাবে উগ্ৰপন্থী সংগঠনৰ জন্ম, বড়ো আন্দোলন, কাৰবি আন্দোলনে অসমত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ সেয়ে এই সময়ছোৱাৰ পাছত অসমৰ উন্নয়ন আৰু পৰিচয় সন্দৰ্ভত নৱাগত সকলে জনাৰ উদ্দেশ্যে এই বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা বুলি কৈ উক্ত আলোচনা চক্ৰত অধ্যাপক, অধিবক্তা, সেই সময়ৰ আন্দোলনকাৰী নেতা তথা বৰ্তমানৰ ৰাজনিতিবিদেও অংশ গ্ৰহণ কৰিব বুলি নাথে জানিবলৈ দিয়ে ৷
আনহাতে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ সম উপাচাৰ্য অধ্যাপক বিশ্বাসে এই আলোচনা চক্ৰই ৮০ ৰ দশকৰ অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কে গৱেষক ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ কয়যে ১৯৮০ চনৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন, বিভিষিকা ময় উগ্ৰপন্থী সমস্যা, বিদেশী খেদা আন্দোলন, আলফা উত্থান, পাছলৈ ছালফাৰ গঠন সন্দৰ্ভৰ কথাও আমি পাহৰিব নোৱাৰিম ৷
৮০ ৰ দশকত অসম তথা উত্তৰ-পূৰ্বাঞ্চল অশান্তময় হৈ পৰিছিল বুলি উল্লেখ কৰি বৰ্তমান মণিপুৰক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ শান্ত আৰু উন্নয়ন ত্বৰান্বিত হোৱা বুলি মত প্ৰকাশ কৰে ৷ উন্নয়নৰ উদাহৰণ স্বৰুপে বৰ্তমান কাৰবি আংলং জিলাত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ জৰিয়তে হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰো উল্লেখ কৰা উপাচাৰ্য গৰাকীয়ে ৷