
মঙলবাৰে সন্ধিয়া ৭ বাজি ৩০ মিনিটত খটখটী (Khatkhati)য়ে আৰক্ষীয়ে বুজন পৰিমানৰ নিষিদ্ধ কফ চিৰাপ (Banned cough syrup)সহ এজন সৰবৰাহকাৰীক আটক (Arrest of supplier) কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্তখবৰ অনুসৰি আজি সন্ধিয়া খটখটী আৰক্ষী থানাৰ অন্তৰ্গত খটখটী এছবিআই বেঙ্কৰ সন্মখত তালাচী চলোৱাসমূহত ডিমাপুৰৰ দিশৰ পৰা আহি থকা NL 07 EC 3884 নম্বৰৰ পালচাৰ মটৰ চাইকেলৰ চালকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১১০টা চিচি কফ কোডিন চিৰাপ৷

এই সন্দৰ্ভত আৰক্ষীয়ে খটখটী অঞ্চলৰ লংক্ৰাং ফুলবাৰিৰ বাপি দাসৰ পুত্ৰ ৩৩ বছৰীয়া টিংকু দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ খটখটী থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত আৰু এছ আই অমৰজ্যোতি শৰ্মা, এএছআই শ্ৰেষ্টা বৰদলৈ লগতে থানা ষ্টাফৰ সহযোগত চলিছিল নাকা তালাচীটো৷ বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে উদ্ধাৰ হোৱা নিষিদ্ধ কফ চিৰাপখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷













