৮ মাহ পূৰ্বে উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ নিজৰ গাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী (Missing teenager)। ইমান দিনে তেওঁৰ সন্ধান চলাই আছিল পৰিয়ালটোৱে। কিন্তু ইমান দিনৰ মূৰত হঠাৎ পৰিয়ালটোৱে তেওঁক ছ’চিয়েল মিডিয়াত বিচাৰি পালে। অৱশেষত অন্ত পৰিল কিশোৰীগৰাকীৰ আঠমহীয়া নৰকযন্ত্ৰণা। লগতে তেওঁৰ নিৰ্যাতনকাৰীও আৰক্ষীৰ জালত পৰে।
অভিযোগ অনুসৰি, কিশোৰীগৰাকীক অপহৰণ (Girl was kidnapped) কৰাৰ পিছত কেইবাবাৰো বিক্ৰী কৰা হৈছিল (was sold)। অন্তিমবাৰ তেওঁক ক্ৰয় কৰে ৰাজস্থানৰ পৰা। এজন যুৱকে তেওঁক বিয়া কৰাবলৈ ৩.৫৯ লাখ টকাত ক্ৰয় কৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁ হ’বলগীয়া পত্নীৰ সৈতে এখন ছবি পোষ্ট কৰাৰ পিছতে আৰক্ষীয়ে জানিবলৈ পাৰে কিশোৰীগৰাকীৰ অৱস্থান। তাৰ ভিত্তিতে যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।
১৭ বছৰীয়া কিশোৰীগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ মইনপুৰীত। আঠ মাহ পূৰ্বে কোচিঙৰ পৰা উভতি অহাৰ পথত ওচৰৰ গাঁৱৰ এজন যুৱকে তেওঁক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অপহৰণৰ পিছত কিশোৰীগৰাকীক কেইবাবাৰো ধৰ্ষণ (Several rapes) কৰা হয়। ইয়াৰ পিছত আন এজন ব্যক্তিক কেইবা লাখ টকাত বিক্ৰী কৰা হয় (Sold for several lakhs of rupees)। এইদৰেই পাঁচজন লোকৰ হাত বাগৰি ৰাজস্থানত উপস্থিত হয় কিশোৰীগৰাকী। তাতেই তেওঁ সুপ্ৰসন্ন হয়। ৰাজস্থানৰ এজন যুৱকে তেওঁক বিয়াৰ বাবে ‘ক্ৰয়’ কৰা বুলি অভিযোগ উঠিছে। আনহাতে, তেওঁ হ’বলগীয়া পত্নীৰ সৈতে বহুকেইখন ফটো তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। সেই ফটো ৬৫০ কিলোমিটাৰ দূৰৈৰ মইনপুৰী গাঁৱৰ মানুহে প্ৰত্যক্ষ কৰে। তাৰ পিছত কিশোৰীগৰাকী উদ্ধাৰ হয়।

আৰক্ষীয়ে জনোৱা মতে, ৰাজস্থানৰ আজমেৰত এজন যুৱকৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। যুৱকজনৰ পৰিয়ালৰ লোকে নিজৰ পুত্ৰৰ বাবে উপযুক্ত কইনা বিচাৰি নাপাই এই কাম কৰা বুলি দাবী কৰে। তেওঁলোকে বিচাৰিছিল এগৰাকী কণমানি কইনা। সেই সময়ত তেওঁলোকে নীৰজ নামৰ এজন যুৱকৰ সংস্পৰ্শলৈ আহি ছোৱালীজনীৰ সন্ধান উলিয়ায়। তেওঁলোকে পুলিচক জনাইছিল যে তেওঁলোকে টকাৰে কইনা ক্ৰয় কৰিছে। এই ঘটনাত তেওঁলোকৰ পুত্ৰৰ লগতে নীৰজকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ইয়াৰ পিছত আৰক্ষীয়ে কিশোৰীগৰাকীৰ বক্তব্য ৰেকৰ্ড কৰে। একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে আৰক্ষীক জনায় যে নীৰজে তেওঁক অপহৰণ কৰে। প্ৰথমে মইনপুৰীৰ পৰা ইটাৱালৈ লৈ যোৱা হৈছিল। তাত জোৰকৈ মাদক দ্ৰব্য সেৱন কৰাই ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত তেওঁক ৰবি আৰু ববি নামৰ দুজন যুৱকে ক্ৰয় কৰে। তাৰ পিছত আগ্ৰালৈ লৈ যায়। কিশোৰীগৰাকীয়ে কয়, “মই বুজিছিলো যে মই ভুল ব্যক্তিৰ হাতত পৰিছো। চাৰিওফালে নৰক যেন লাগিছিল। সেই দুজনে মোক আজমেৰৰ এগৰাকী মহিলাৰ ওচৰলৈ পঠিয়াই দিয়ে। তাত মোক আন এজন মানুহক বিক্ৰী কৰি দিয়ে। তাত মোক বলপূৰ্বক বিয়া কৰাইছিল।”
ইতিমধ্যে মইনপুৰীত থকা পৰিয়াললৈ উভতি আহিছে ছোৱালীজনী। তেওঁ কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ এই পৰিস্থিতিৰ পৰা মুক্ত হ’ব। জীৱনৰ আশা এৰি দিছিল। মইনপুৰী থানাৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) অনিল কুমাৰে জানিবলৈ দিয়া মতে, ভাৰতীয় ন্যায় সংহিতাৰ বিধান অনুসৰি এই ঘটনাত অপহৰণ, ধৰ্ষণ, যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে। POCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। ঘটনাৰ লগত জড়িত আনকেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে। এই গোচৰত এতিয়ালৈকে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।