তাৰালাংছ’ৰ পৰা ছাইদুল ইছলাম:উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু অন্যতম জনজাতীয় কাৰবি যুৱ মহোৎসৱৰ কাৰবি লোক-কৃষ্টি, সংস্কৃতিৰ অমিয় সুৱাস বিলাবলৈ ন-কইণাৰ দৰে সাজি পাৰি ওলাইছে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তীৰ কাৰবি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷ প্ৰতি বছৰৰ দৰে এই বছৰো ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ অনুষ্ঠিত হব এই যুৱ মহোৎসৱ ৷

এইলৈ যুৱ মহোৎসৱটিৰ আয়োজক সকলে মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত তুলিছে ৷ ৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰবি জাতীয় জীৱনৰ সোপান আৰু ডেকা-গাভৰুৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ ‘কাৰবি যুৱ মহোৎসৱ’ক প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি লবলৈ উদগ্ৰীৱ হৈ পৰিছে ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ উদযাপন সমিতিয়ে ৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মন পৰশা উতলা ফাগুণৰ সেমেকা বতাহত তাৰলাংচৰ বাকৰিত উদ্ভাসিত হ’ব কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাস ৷
জিলা খনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তা সকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে ( আচেথাই) মঞ্চ সমূহ বিভিন্ন আলোক সজ্জা আৰু ৰঙ- তুলিকাৰে ন- কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷ এইবাৰ যুৱ মহোৎসৱটিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰবি নথেংপি ( স্থায়ী প্ৰাসাদ)৷ আৰু বৃহতৰ এলেকাজুৰি শিশু সকলৰ বিনোদনৰ বাবে টয় ট্ৰেইন আৰু ইক ‘ পাৰ্ক অন্যতম৷
কাৰবি কালচাৰেল ছচাইটিৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে আমাক দিয়া এক সাক্ষাতকাৰত জনায় যে, ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তা সকলে দিনে- নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় ৯৫ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷ প্ৰায় ৪ কোটি টকা বাজেটলৈ উদযাপন কৰিবলগীয়া ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱত এইবাৰ বুদ্ধিজীৱিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ৷ অৰুণাচল, মেঘালয়, কাছাৰ, কামৰূপ, নগাওঁ আদিৰ পৰা কেইবা সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে মায়া নগৰীলৈ ৰূপান্তৰিত হব তাৰালাংচৰ বাকৰি ৷ ইয়াৰোপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশ গ্ৰহণ কৰিব বুলি কয় ৷
যুৱ মহোৎসৱটিৰ উদ্ধোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব কেচিএছ সভাপতি চন্দ্ৰছিং ক্ৰই ৷ ৷ কাৰবি যুৱ মহোৎসৱৰ বাবে ইতিমধ্যে গ্ৰীক আৰ্হিত নিৰ্মিত লং মিৰ্জেং আচেথাই (মঞ্চ), চিং মিৰজেং আচেথাই, ছেমছনচিং আচেথাই (মঞ্চ)ও আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷- মাঞ্জালৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফালৰি কাটি ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱ থলীলৈ যাব লগীয়া ৪ লেনযুক্ত সমগ্ৰ পথছোৱাৰ বাবে সৌৰচাকী, ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হৈছে প্ৰশংসনীয় ৷ ইয়াৰোপৰি যাঁন-জট নিয়ন্ত্ৰণ কৰিবলৈ উদ্যোক্তা সকলে স্বেচ্ছাসেৱী সকলক উচিত প্ৰশিক্ষণ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷