বুধবাৰে দিনৰ প্ৰায় ১২ বজাত ডিফুত পূৱ কাৰবি আংলং জিলা বিজেপিয়ে এক সংবাদমেলৰ আয়োজন কৰে৷ কাৰ্বি আংলং (Karbi Anglong), পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্ত শাসিত ৰাজ্য প্ৰদানৰ দাবীত কালি সংসদৰ বাজেট অধিৱেশনত সাংসদ অমৰছিং তিচ’ৱে প্ৰদান কৰা ভাষণক আদৰণি জনাইছে পূৱ কাৰ্বি আংলং জিলা বিজেপিয়ে। পূৱ কার্বি আংলং জিলা বিজেপিৰ সভাপতি আৰু প্ৰৱক্তাই সাংসদগৰাকীৰ এই দাবীক পূর্ণ সমর্থন কৰাৰ লগতে এই দাবী উত্থাপন কৰাৰ বাবে সাংসদ অমৰছিং তিচ’ক ধন্যবাদ জ্ঞাপন কৰে।

পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙে কয় যে, সংসদত কালি এইবিষয়টো উত্থাপন কৰাৰ সময়ত সংসদত দেশৰ প্রধানমন্ত্রী, গৃহমন্ত্রীকে আদি কৰি সকলো শীর্ষ নেতা আৰু বিৰোধী দলৰো শীর্ষ নেতাসকল উপস্থিত থকাটো আমাৰ সৌভাগ্য। সাংসদগৰাকীয়ে সংবিধানৰ ১২৫ সংশোধোনীৰ সময়ত বিজেপিৰ লগতে সকলো দলৰ সাংসদক এইবিষয়টো সমর্থন কৰিবলৈ আহ্বান জনায়। আনহাতে দলৰ জ্যেষ্ঠ প্রবক্তা চমাং ক্র’বে সুদীর্ঘদিনৰ অন্তত স্বায়ত্তশাসিত ৰাজ্য দাবী প্রসংগটো সংসুদত উত্থাপন হোৱাটো পাহাৰীয়া জিলা তিনিখনৰ বাবে অতি গুৰুত্বপূর্ণ বুলি আখ্যা দিয়ে। ৯০ৰ দশকত তনানীন্তন সাংসদ ডাঃ জয়ন্ত ৰংপীয়ে বিষয়টো সংসদত সজোৰে উত্থাপন কৰিছিল বুলি উল্লেখ কৰিব ইয়াৰ পিছত কোনো এগৰাকী সাংদেও সংসদৰ মজিয়াত বিষয়টো সজোৰে উত্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল বুলি দাবী কৰে। পার্বত্য জিলাবাসীৰ এই দাবীৰ প্রতি সকলো দল-সংগঠনে অনাগত দিনত সমর্থন আগবঢ়াব বুলিও ক্র’ৱে আশা প্রকাশ কৰে। উল্লেখ্য যে, কালি সংসদৰ মজিয়াত ২০২৫ বৰ্ষৰ বাজেটৰ ওপৰত ধন্যবাদ সূচক প্ৰস্থাৱৰ ওপৰত ভাষণ প্রদাণ কৰিবলৈ ৭গৰাকী সাংসদৰ ভিতৰত অমৰছিং তিচ ‘কো সুযোগ প্রদান কৰাৰ বাবে পূব কাৰ্বি আংলং জিলা বিজেপি দলে দলৰ শীর্ষ নেতাক ধন্যবাদ জ্ঞাপন কৰে৷