বুধবাৰে বিয়লি প্ৰায় তিনি বজাত যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা লখিমন কাৰচ’ (Lakhimon Carso)ৰ দ্বিতীয় দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে৷ উল্লেখযোগ্য যে কাৰবি (Karbi)সকলৰ লখিমন ধৰ্মালম্বীসকলে প্ৰতি বছৰে লখিমন ধৰ্মগুৰু লখন ইংতি হাঞ্চেকৰ জন্ম দিনটো লখিমন কাৰচ’ হিছাপে উদপান কৰি আহিছে৷

এইবছৰ কাৰবি আংলং জিলাৰ লখিমন ধৰ্মালম্বী অধ্যুষিত লথিমন আদৱান অৰ্থাত মন্দিৰসমূহত ৬৭ সংখ্যক লখিমন কাৰচ’ উদযাপন কৰা হৈছে৷ এই উপলক্ষে ডিফুৰ লৰুলাংচৰ ইংলংচিৰি লখিমন আদৱান অৰ্থাত লখিমন মন্দৰিত লখিমন ধৰ্মালম্বী লোকে কীৰ্তন ভজন আদিৰে পূজা অনুষ্ঠিত কৰি গুৰুজনাৰ পৱিত্ৰ পুণ্য তিথি উদযাপন কৰা পৰিলক্ষিত হয় ৷