শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে প্ৰতিবছৰৰ দৰে এই বছৰো সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলঙৰ (Karbi Anglong) সদৰ চহৰ ডিফুতো উদযাপন (Celebrations in Diphu) কৰা হয় আহোমসকলৰ পৰাম্পৰাগত পূজা মে-ডাম-মে-ফী (Me-Dum-Me-Phi)৷ কাৰবি আংলং টাই আহোম কালচাৰেল ছ’চাইটি (Tai Ahom Cultural Society)ৰ উদ্যোগত ডিফু ধৰমনালা স্থিত ছ্যুকাফা ভৱনত উদযাপন কৰা হয় পৰাম্পৰাগত পূজা ফাঁকি৷

টাই-আহোম কালচাৰেল ছচাইটি কাৰবি জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও বিক্ৰম সন্দিকৈৰ আঁত ধৰা অনুষ্ঠানটিৰ ফুৰালুং পূজা সম্পন্ন হোৱাৰ পিছত আজি পুৱাতেই ডিফু ছ্যুকাফা ভৱন প্ৰাংগনত মে-ডাম-মে-ফীৰ পতাকা উত্তোলন কৰে সভাপতি চাও পুতুল চেতিয়াই৷ পতাকা উত্তোলনৰ পিছত ভক্ত প্ৰাণসকলে আহোমসকলৰ জাতীয় সংগীত পৰিবেশন কৰে৷ সমান্তৰালকৈ আহোম পূৰ্বপুৰুষ সকলৰ প্ৰতি সম্মান জনাই মৈদাম তৰ্পণ কৰাৰ পিছত স্বৰ্গদেও চাও ল্যুং চ্যুকাফা আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজলন কৰে ৷

ইয়াৰ পিছত উদ্যোক্তাসকলে পাটসাকোঁৰ পৰা আমন্ত্ৰণ কৰি অনা মলুঙ সকলে ৱানফী পূজা সম্পন্ন কৰে৷ ৱান-ফী পূজাত খাও্ খাম্ ,আইলেং দিন্, জান ছাই হুং, লেংডন্ মুৎ কুম, তাইকুম, চিৎলাম চাম, জাচিংফা, ডাম (মৃতক দেৱতা) আৰু ৰা খিন বাখিন (অপদেৱতা) সন্তুষ্টিৰ বাবে পূজা অৰ্চনা কৰা হয়৷ ইয়াৰোপৰি সাধাৰণ সম্পাদক বিক্ৰম সন্দিকৈ মে-ডাম-মে-ফীৰ জৰিয়তে অসম তথা কাৰবি আংলংত জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ এনাজৰী ডাল অধিক দৃঢ় হোৱাৰ কামনা কৰিছে৷