ৰাজস্থানৰ কোটা (Kota in Rajasthan)ত নীটৰ এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু। হোষ্টেলৰ কোঠাৰ (Hostel Room) পৰা এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ (Student’s body found) কৰা হয়। প্ৰাথমিকভাৱে তেওঁ আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে কোঠাটোৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ (Suicide note recovered) কৰা হোৱা নাই।
আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকী মূলতঃ গুজৰাটৰ। তেওঁ চিকিৎসক হোৱাৰ সপোন দেখি কোটাত নামভৰ্তি কৰিছিল। চিকিৎসা প্ৰৱেশ পৰীক্ষা নীটত অৱতীৰ্ণ হোৱাৰ আশাত তেওঁ কোটাত এটা প্ৰশিক্ষণ কেন্দ্ৰত অধ্যয়ন কৰিছিল। কিন্তু হোষ্টেলৰ কোঠাৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

সহপাঠীসকলে জনোৱা অনুসৰি, তেওঁলোকে বুধবাৰে পুৱা প্ৰায় ৯ বজাত তেওঁক মাতিবলৈ আৰম্ভ কৰে। কিন্তু কোঠাৰ দুৱাৰখন নোখোলাত হোষ্টেল কৰ্তৃপক্ষক খবৰ দিয়া হয়। আৰক্ষী আহি কোঠাৰ দুৱাৰ ভাঙি ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।
ইয়াৰ সৈতে এই বছৰৰ প্ৰথম মাহটোতে কোটাত পাঁচজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে। ১৭ জানুৱাৰীতো কোটাত এজন ১৮ বছৰীয়া যুৱকে আত্মহত্যা কৰে। তেওঁ নীটৰ বাবে প্ৰস্তুতি কৰিবলৈ ওড়িশাৰ পৰা কোটালৈ আহিছিল। ১৬ জানুৱাৰী তাৰিখেও ওড়িশাৰ আন এজন ছাত্ৰই আত্মহত্যা কৰিছিল। তেওঁ যুটীয়া প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। দুসপ্তাহ পূৰ্বে কোটাত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচজন। আনহাতে, যোৱা বছৰ কোটাত ১৭ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল।