মঙলবাৰে দিনৰ ২ বজাত ডিলাইল আৰক্ষী (Dilaille Police)ৰ জালত পৰিছে বার্মিজ চিগাৰেট (Burmese Cigarettes) কঢ়িয়াই অনা এখন ট্রাক। আৰক্ষী সূত্রে জানিব পৰা মতে অসম-নগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজান আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকাত আৰক্ষীয়ে ইউ পি-২১-বি এন-১৬২৫ নম্বৰৰ এখন ৬ চকীয়া কণ্টেইনাৰ ৰখাই তালাচী চলাওঁতেই উক্ত গাড়ীখনৰ পৰা ৫০ কার্টন কোৰিয়ান চিগাৰেট উদ্ধাৰ (Cigarette recovered) কৰে।

জানিব পৰা মতে উক্ত কোৰিয়ান চিগাৰেটখিনি কন্টেইনাৰখনৰ ওপৰৰ এটা গোপন কেবিনত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে কোৰিয়ান চিগাৰেটখিনি জব্দ কৰাৰ লগতে কণ্টেইনাৰখনৰ চালক তথা উত্তৰপ্ৰদেশৰ বাসিন্দা ৰাম দয়াল শৰ্মাৰ পুত্র সুনীল কুমাৰক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।