সোমবাৰে পুৱা প্ৰায় ১১ বজাত ডিফুত (Diphu) কাৰ্বি আংলং আৰক্ষী (Karbi Anglong Police)য়ে দাহ (Burning) কৰিলে জব্দ কৰা ২৬ কোটি টকাতকৈয়ো অধিক মূল্যৰ ড্ৰাগছ (Seized drugs)।
দাহ কৰা হয় হেৰ’ইন ৭.৬৮৩ কেজি, গাঞ্জা ৩১.১৩৫ কেজি, মৰ্ফিন ৮.০৩৩ কেজি, অ’পিয়াম ৫৫.৮২ কেজি, নিচাযুক্ত টেবলেট ৮৭২৫৯টা। দাহ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য ২৬কোটিতকৈ অধিক টকা ৷

জিলাখনৰ বিভিন্ন থানাই জব্দ কৰিছিল এইসমূহ ড্ৰাগছ। জিলাখনৰ ডিলাই থানাত ড্ৰাগছ সন্দৰ্ভত সৰ্বাধিক গোচৰ ৰুজু হৈছে। ড্ৰাগছ নিষ্পত্তি সমিতিৰ অনুমোদন মৰ্মে ডিফু-মাঞ্জা পথত থকা ইটা ভাটাত ড্ৰাগছ দাহ কৰি কাৰ্বি আংলং আৰক্ষী অধ্যক্ষ সঞ্জীৱ কুমাৰ শইকীয়াই এই কথা উল্লেখ কৰে।