
উমৰাংছুত পুনৰ দুৰ্ঘটনা (Another accident in Umrangsu) সংঘটিত হৈছে। এইবাৰ ডালমিয়া চিমেণ্ট কোম্পানী (Dalmia Cement Company)ত সংঘটিত হৈছে দুৰ্ঘটনাটো।

প্ৰায় ২০ ফুট উচ্চতাৰ পৰা পৰি মৃত্যুক আঁকোৱালি ল’লে ডালমিয়া চিমেণ্ট কোম্পানীত কৰ্মৰত শ্ৰমিক খেৰণি বাগিচাডুবিৰ ভিষম চৌহানে (Bhisham Chauhan)। চেফটি বেল্ট আৰু নিৰাপত্তাজনিত কোনো সামগ্ৰী যোগান নধৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।











