শুকুৰবাৰে ৰাজ্যিক বিজেপি (State BJP)ৰ সভাপতিৰ দায়িত্ব গ্ৰহণ (Taking over as president) কৰে মঙলদৈ-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া (MP Dilip Saikia)ই। ২০২১ চনৰ পৰা অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব পালন কৰা ভৱেশ কলিতাৰ স্থানত দিলীপ শইকীয়াই নতুন দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। কিন্তু নিৰ্ধাৰিত সময় সন্ধিয়া ৭ বজা পৰ্যন্ত দিলীপ শইকীয়াৰ বাহিৰে আন কোনো নেতাই মনোনয়ন দাখিল নকৰাত দিলীপ শইকীয়া পৰৱৰ্তী সভাপতি হোৱাটো এক প্ৰকাৰ চূড়ান্ত হৈছিল। অৱশ্যে শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে দিলীপ শইকীয়াৰ নাম ঘোষণা কৰা হয় আৰু গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে।

ইফালে দায়িত্বভাৰ গ্ৰহণ কৰি দিয়া ভাষণত নৱ নিযুক্ত সভাপতি দিলীপ শইকীয়াই আগন্তুক দিনৰ নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ অংগীকাৰ কৰে। লগতে অসমক বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি এই লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে।
বাজপেয়ী ভৱনত অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
উল্লেখযোগ্য যে ছাত্ৰ অৱস্থাৰ পৰাই আৰ এছ এছৰ সৈতে জড়িত হৈ অহা দিলীপ শইকীয়াই ২০০৭ চনত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি, ২০০৯ চনৰ পৰা ২০১৫ লৈ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সম্পাদকৰ পদকে ধৰি তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে। আনহাতে, ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ সংসদলৈ নিৰ্বাচিত হৈছে।