উমৰাংছুৰ (Umrangso tragedy) তিনি কিলোস্থিত কয়লাখনি দুৰ্ঘটনা (Coal mine accident)ত এতিয়ালৈ মুঠ চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। শনিবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰৰ পিছত পৰৱৰ্তী সময়ত আন দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ ষষ্ঠদিনা শনিবাৰে চলা উদ্ধাৰ অভিযানত প্ৰথমটো মৃতদেহ পুৱা প্ৰায় ৭.৩৫ বজাত এন ডি আৰ এফ আৰু সেনাবাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ কিছু সময় পিছতেই কয়লা খনিটোত আবদ্ধ আঠ শ্ৰমিকৰ ভিতৰত আন দুজনৰ মৃতদেহ উদ্ধাৰ হয়৷

উল্লেখযোগ্য যে চৰকাৰী তথ্য মতে খনিটোত দুৰ্ঘটনাৰ সময়ত মুঠ নজন শ্ৰমিক আবদ্ধ হৈ পৰিছিল। ইয়াৰে ভিতৰত গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ নেপালৰ উদয়পুৰৰ শ্ৰমিকজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পিছত শনিবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহটো উমৰাংছুৰ লিজান মগৰ (২৭) বুলি চিনাক্ত কৰা হয়। তেওঁৰ ঘৰ ১ নং ক’লামাটি গাঁৱত।
আনহাতে, দুপৰীয়াৰ ভাগত সেনা আৰু এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰা মৃতদেহ দুটাৰ চিনাক্ত কৰা হৈছে। তেওঁলোক হৈছে কোকৰাঝাৰৰ ফকীৰগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মেগেড়গাঁৱৰ খুচি মোহন ৰায় (৫৭) আৰু শোণিতপুৰ জিলাৰ বাতাশিপুৰৰ শৰৎ গয়াৰী (৩৭)। উদ্ধাৰকাৰী দলে বাকী পাঁচজন শ্ৰমিকক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলাই আছে।