আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত আছু’ৰ (Ashu’s in Diphu) যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন সোৱৰণি আন্তঃজিলা (Nasir Hussain Sowrani Inter-District) ‘আছু স্বৰ্ণকাপ’ ভলীবল প্ৰতিযোগিতা (‘Aasu Swarnakap’ Volleyball Competition) আৰম্ভ হৈছে ৷
আছু কাৰ্বি আংলং জিলা সমিতি আৰু ৰাইজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা৷ এই উপলক্ষে এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়৷
অনুষ্ঠানত মুখ্য অতিথৰূপে উপস্থিত থাকি প্ৰতিযোগিতাখনি উদ্বোধন কৰে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই৷
অনুষ্ঠানত আছু’ৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মা প্ৰমুখ্যে আছু’ৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰতিযোগিতাত ৰাজ্যখনৰ ২৮খন জিলাৰ ভলীবল দলৰ অংশগ্ৰহন কৰে ৷ অনুষ্ঠানত অংশগ্ৰহন কৰি ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় যে অসমৰ ভলীবল প্ৰতিভা থকা সকলক প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ বাবে আছু’ক ধন্যবাদৰ পাত্ৰ হৈছে৷

ইফালে ডিফুত এনে এখন খেল অনুষ্ঠিত কৰাৰ বাবে আছু’ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ৰীড়া আৰু সংস্কৃতিয়ে পাহাৰ ভৈয়ামৰ মাজত মহামিলন ঘটাব বুলি মন্তব্য কৰে আদৰণি সমিতিৰ সভাপতি তথা কাৰ্বি কালচাৰেল চ’ছাইটীৰ সভাপতি চন্দ্ৰছিং ক্ৰ’য়ে ৷
ইফালে আছু’ৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ক্ৰীড়া আৰু সংস্কৃতিয়ে জড়িয়তে আছু’য়ে সমাজ গঢ়াৰ পণ লোৱা বুলি মন্তব্য কৰে৷
ইয়াৰ লগতে তেওঁ ক্ৰীড়া আৰু শিক্ষাৰ বিকাশৰ বাবে ৰাজনীতিকৰ বিপৰীতে শিক্ষা পৰিচালনা দ্বায়িত্ব শিক্ষাবিদক আৰু ক্ৰীড়াৰ পৰিচালনাৰ দ্বায়িত্ব ক্ৰীড়াবিদক দিয়াৰ কথাও প্ৰকাশ কৰে৷