
বুধবাৰে দুপৰীয়া প্ৰায় ১২ বজাত খটখটী আৰক্ষীৰ পৰা প্ৰাপ্ত এক খবৰ অনুসৰি মঙলবাৰে নিশা ১০ বজাত লাহৰিজানৰ বাছবাৰীত (Laharijan’s Busbari) এটা পিষ্টল আৰু সঁজীৱ গুলীসহ (A pistol and live cartridges recovered) এজন যুৱকক আটক (One man arrested) কৰিবলৈ সক্ষম হৈছে খটখটী আৰক্ষী (Khatkhati Police)৷

আৰক্ষীৰ সুত্ৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত খটখটি থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত এছআই বিমান চেতিয়া, এএছআই অমৰ জ্যোতি শৰ্মা আৰু থানা ষ্টাফৰ সহযোগত লাহৰিজান বাছবাৰীত এখন ঘৰত অভিযান চলাই এটা পইণ্ট 22 পিষ্টল আৰু ৭৫ জাঁই সঁজীৱ গুলী উদ্ধাৰ কৰে৷ পিষ্টল আৰু সঁজীৱ গুলীখিনিৰ সৈতে আৰক্ষীয়ে মাইনুদ্দিন নামৰ এজন যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷













