
দেওবাৰে সন্ধিয়া ৭ বাজি ১৫ মিনিটত তাৰালাংচৰ ন থেংপি এলেকাত ডিফু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ নিচাযুক্ত ছেমপ্লেক্স কেপচুল সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

এক গোপন খবৰৰ ভিত্তিত ডিফু থানাৰ অচি কিশোৰ বৰুৱাৰ নেতৃত্বত আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন বৰুৱা লগতে থানা ষ্টাফৰ সহযোগত তাৰালাংচৰ পৰা সুনিল ৰংহাঙ নামৰ যুৱক জনক ১৪০ টা ছেমপ্লেক্স কেপচুল আৰু এ এছ ০৯ বি চি ৪৬৮৫ নম্বৰৰ এখন যাত্ৰীবাহী অট’ৰিক্সা সহ আটক কৰে বুলি জানিব পৰা গৈছে ৷
এই সন্দৰ্ভত আৰক্ষীয়ে নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে কেপচুলখিনি জব্দ কৰাৰ লগতে ধৃত সুনিল ৰঙহাঙক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













