
শনিবাৰে পুৱা ৮ বাজি ৩০ মিনিটৰ পৰা ডিফু (Diphu)ৰ সমীপৰ তাৰালাংচৰ কাৰবি সাংস্কৃতিক প্ৰকল্পস্থলী (Karbi Cultural Project in Taralangs)ত আৰম্ভ হৈছে প্ৰথম অসম জনজাতি সাংস্কৃতিক সমাৰোহ (First Assam Tribal Cultural Festival)ৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৷ ১৩, ১৪ আৰু ১৫ ডিচেম্বৰলৈ চলিবলগীয়া তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় দিনৰ পুৱাৰ ভাগত পতাকা উত্তোলন কৰে অসম জনজাতি সাংস্কৃতিক সমাৰোহৰ ২০২৪ৰ সভাপতি দেৱেন্দ্ৰ বসুমতাৰী আৰু কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই৷

ইয়াৰ পিছত ক্ৰমান্বয়ে, মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়৷ ক্ৰমানুসৰি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যকৰী সভাপতি ডঃ পৱিত্ৰ কুমাৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত হয় এক মননশীল আলোচনা চক্ৰ৷ ইয়াৰ পিছত বিভিন জনজাতি গোষ্ঠীৰ লোকৰ সমাহাৰত আৰম্ভ হয় আকৰ্ষণীয় সাংস্কৃতিক সমাৰোহ৷ নিশাৰ ভাগত অনুষ্ঠিত হ’ব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান৷












