অহা ১৩, ১৪ আৰু ১৫ ডিচেম্বৰ (13-15 December)ত ডিফু (Diphu)ৰ তাৰালাংছ’স্থিত কাৰ্বি সাংস্কৃতিক প্রকল্প (Karbi Cultural Project at Taralangso)ত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব প্রথম জনজাতীয় সংগম (The First Tribal Union)। আজি এখন সংবাদমেলযোগে আয়োজক সমিতিয়ে এই কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে অসমৰ সকলো জনজাতীয় লোকক একত্রিত কৰি এখন মঞ্চৰ উপবিষ্ট কৰাৰ লক্ষ্যৰে এই সংগমৰ আয়োজন কৰা বুলি সংবাদমেল যোগে সদৰি কৰে। এই সাংস্কৃতিক সংগমত অসমৰ সকলোকেইখন স্বায়ত্তশাসিত পৰিষদ (All autonomous councils of Assam)ৰ মুখ্য কাৰ্যবাহী সদস্য (CEM)সকলে অংশগ্রহণ কৰাৰ উপৰি সকলো জনগোষ্ঠীয় সাংস্কৃতিক প্রতিনিধিয়ে (Tribal Cultural Representatives) অংশগ্রহণ (Participation) কৰি নিজ নিজ কলা-সংস্কৃতি আদান-প্রদান কৰাৰ লগতে নিজ নিজ বর্ণিল কৃষ্টি-সংস্কৃতি প্রদর্শন কৰিব।
সংগমৰ লগত সংগতি ৰাখি বহুকেইখন আলোচনা চক্রও অনুষ্ঠিত কৰা হ’ব। এই সাংস্কৃতিক সংগমত উপস্থিত থাকিবলৈ অসমৰ সকলো জাতি-জনগোষ্ঠীক আহ্বান জনাইছে আহ্বায়ক সমিতিয়ে। এই সাংস্কৃতিক সংগমত অসমৰ বহুকেইগৰাকী জনগোষ্ঠীয় স্বনামধন্য ব্যক্তিক সম্বর্ধনা জনোৱা হ’ব বুলি জানিব পৰা গৈছে।