সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডিফু (In Diphu) আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত বিজেপিৰ সংগঠন পৰ্বৰ সভা (BJP’s organisation Meeting)ত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী (Cabinet Minister) জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)৷ সংগঠন পৰ্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কাৰবি আংলং জিলা ভ্ৰমণ কৰিবলৈ অহা বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ ইতিমধ্যে বুথ গঠন৷
বৰ্তমান মণ্ডল পৰ্যায়ৰ কাম চলি থকা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে কাৰবি আংলঙত বিজেপিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰা হ’ব ৷
তদুপৰি মন্ত্ৰী সভাৰ নতুন বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, নতুন মন্ত্ৰী সভা গঠনকলৈ ৰাইজে বিতৰ্ক কৰা নাই৷ ই সংবাদ মাধ্যমৰহে সৃষ্টি৷ গো মাংস বিতৰ্ককলৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতবৰ্ষ এখন সনাতনী ৰাষ্ট্ৰ ৷ সনাতন সংস্কৃতিত গো মাতাক পূজা কৰা হয় ৷ গো মাংস নিষিদ্ধৰ সিদ্ধান্ত এটা গৌৰৱৰ বিষয়৷ আনহাতে গো মাংসকলৈ লৈ নিতিশ কুমাৰ পন্থীৰ মন্তব্যকলৈ মন্ত্ৰী গৰাকীয় কয় যে, অসমৰ ৰাজনীতিত নিতিশৰ ভূমিকা নাই৷ আমি অসম আৰু অসমৰ ৰাইজৰ কথাহে চন্তা কৰো, ৰাইজেও তাকে কামনা কৰে৷