
মঙলবাৰে পুৱা ১১ বজাত ডিফু (Diphu)ৰ বিৰলাত (Birala) আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস (International Day of Disabilities) উদযাপন কৰা হয় ৷ এই উপলক্ষে বিৰলাৰ HDVC চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে জিলা সমাজ কল্যাণ বিভাগৰ সচিব তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া (Social Welfare Officer) দিপাঞ্জিত বৰুৱা৷

ইয়াৰোপৰি সন্মানীয় অতিথিৰূপে জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছা আৰু সমাজ কল্যাণ বিভাগৰ ক্ষেত্ৰ বিষয়া বিক্ৰম তেৰাঙ উপস্থিত থাকে৷ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দিব্যাঙ্গ ব্যক্তসকলে সভাত নিজৰ নিজৰ অভিযোগবোৰ উপস্থাপন কৰে৷ সভাৰ উদ্যেশ্য ব্যাখ্যাৰ লগতে আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে সমাজ কল্যাণ বিয়য়া দিপাঞ্জিত বৰুৱাই ৷ নিজৰ ভাষণ প্ৰসংগত জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাই দিব্যাঙ্গসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ওপৰত আলোকপাত কৰাৰ লগতে উক্ত আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ দিব্যাঙ্গসকলৰ প্ৰতি আহ্বান জনায়৷












