
বৃহস্পতিবাৰে পুৱা ৮ বজাত ডিফু (Diphu)ৰ লগতে সমগ্ৰ কাৰবি আংলং (Karbi Anglong) জিলাত কার্বি আংলং জিলা গঠনৰ অন্যতম কাণ্ডাৰী, সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলাৰ প্রথমগৰাকী মুখ্য কার্যবাহী সদস্য (First Chief Executive Member), কাৰ্বি আংলঙৰ প্রাণ প্রতিষ্ঠাপক, জননেতা খৰছিং তেৰাঙৰ (Khorsing Terang) ৭০ সংখ্যক স্মৃতি দিৱস (70th Memorial Day)ত প্রয়াত নেতাগৰাকীক শনিবাৰে সশ্রদ্ধ স্মৰণ (Remembering) কৰা হয় ।
কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা শনিবাৰে পুৱাই পুৰনি খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰা হয়। উদ্যানখনত থকা নেতাগৰাকীৰ প্রতিমূর্তিত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে মাল্যাপণ কৰি শ্রদ্ধা জনাৱোৰ পিছতে নতুন খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীক স্মৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত আয়োজন কৰা সর্বধর্ম প্রার্থনাত কাচাৰহে, গীতা, বাইবেল, কীর্তন, লখিমন প্রার্থনা, গুৰু গ্রন্থচাহিব, কাৰবি ভক্তিতম ট্ৰাষ্ট কোৰাণ আদি পাঠ কৰা হয়। অনুষ্ঠানত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য আৰু পৰিষদীয় সদস্য উপস্থিত থাকে।
আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশিষ্ট লেখক-সাংবাদিক ভৱেন বৰুৱাৰ দ্বাৰা ৰচিত কাৰবি আংলং জিলাৰ প্ৰথম গৰাকী মুখ্য কাৰ্য নিৰ্বাহক সদস্য তথা বিধায়ক জননেতা খৰছিং তেৰাঙৰ সোঁৱৰণত ‘এ হামবুল ট্ৰিবিউট টু লেইট খৰছিং তেৰাঙ অন হিজ ছেভেণ্টিথ ডেথ এনিভাৰচাৰি’ শীৰ্ষক এক গ্ৰন্থৰো শুভ উন্মোচন (Book unveiled) কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷












