
নিৰ্বাচনী স্বচ্ছতা আৰু ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আজি কাৰবি আংলং (Karbi Anglong) জিলাৰ জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে ২০২৪-২০২৫ চনৰ বাবে খচৰা ফটো যুক্ত (Containing draft photo) ভোটাৰ তালিকা প্ৰকাশ (Release of voter list) কৰে৷ ডিফুস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আয়োজিত এক সংবাদমেলৰ জৰিয়তে তালিকাখন প্ৰকাশ কৰা হয়৷
সংবাদমেলখনত জিলা অতিৰিক্ত আয়ুক্ত চন্দন বৰগোহাঁই, জিলা তথ্য আৰু জন সংযোগ বিষয়া উৎপল ডিমাছা , নিৰ্বাচন বিষয়া ব্ৰুহিদ ৰাভা আৰু বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক সকল উপস্থিত আছিল। প্ৰকাশিত খছৰা ভোটাৰ তালিকাখন ১- ১- ২০২৫ তাৰিখৰ ভিত্তিত প্ৰকাশ কৰা হৈছে৷
সংবাদমেল সম্বোধন কৰি জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে কয় যে, ৰাজহুৱা সুবিধাৰ বাবে, খচৰা ভোটাৰ তালিকাখন কাৰ্যালয়ৰ সময়ত সকলো ভোটকেন্দ্ৰ আৰু কাৰ্বি আংলঙৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচন শাখাত সহজে উপলব্ধ হ’ব৷ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰখা আৰু প্ৰতিজন যোগ্য নাগৰিৰ নাম ভোটাৰ তালিকাত নিশ্চিত কৰাৰ বাবে আমাৰ লক্ষ্য বুলি কয় ৷

আজি প্ৰকাশিত খছৰা ভোটাৰ তালিকা অনুসৰি ডিফু (Diphu), হাওৰাঘাট (Hawraghat) আৰু বোকাজান (Bokajan)) নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা মুঠ৷ 520,224 গৰাকী৷ 08.02.2024 তাৰিখৰ প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাতকৈ বৰ্তমানৰ তালিকা অনুসৰি মুঠ 0.৫৭ শতাংশ ভোটাৰ বৃদ্ধি পাইছে৷ এই তালিকাত মুঠ ২৫৭ ৭৩৯ জন পুৰুষ ভোটাৰ৷ পুৰষ ভোটাৰ বৃদ্ধিৰ শতকৰা হাৰ ০’৪৫ শতাংশ৷ ২৬২,৪৮২ গৰাকী মহিলা ভোটাৰ ৷ মহিলা ভোটাৰৰ বৃদ্ধিৰ শতকৰা হাৰ ০’৬৮ শতাংশ ৷ খছৰা ভোটাৰ তালিকা খনত ডিফু বিধান সভা সমষ্টিত ১,৭৯,৫২৬ জন ভোটাৰ , বৃদ্ধিৰ পৰিমান ০’৭০ শতাংশ, বোকাজানত বিধান সভা সমষ্টিত ১,৫২,৯৭৩ ভোটাৰ , বৃদ্ধিৰ পৰিমান ০’৪৩ শতাংশ আৰু হাওৰাঘাট বিধান সভা সমষ্টিত ১,৮৭,৭২৫ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে ৷ বৃদ্ধিৰ পৰিমান হৈছে ০’৫৫ শতাংশ ৷ ইয়াৰোপৰি তালিকাত নিজৰ বা পৰিয়ালৰ কিবা নামৰ সংশোধনী কৰিবলৈ হলে ভোটাৰ সকলক ২৮ নৱেম্বৰ ২০২৪ ভিতৰত সংশ্লিষ্ট বি এল অ’ সকলৰ এপ, বিএলঅ’ সকলৰ ভোটাৰ হেল্প লাইন এপ, www.voters.eci.gov.in ত লগ ইন কৰি বা কাৰ্যালয়ৰ সময়ত আয়ুক্ত কাৰ্যালয়ত আপত্তি নিষ্পত্তি কৰণৰ বাবে আবেদন কৰিব পাৰিব বুলি কয় আয়ুক্তগৰাকীয়ে ৷ ইয়াৰোপৰি ভোটাৰ তালিকাত নতুন নাম ভৰ্তিৰ বাবে ৬ নং প্ৰ-পত্ৰ, প্ৰকাশিত খছৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, অন্তৰ্ভূক্তিকৰণৰ বাবে ৭ নং প্ৰ পত্ৰ, প্ৰকাশিত তালিকাৰ পৰা অইন স্থানলৈ স্থান পৰিৱৰ্তন, নামৰ শুধৰণি, ফটো ভোটাৰ পৰিচয় পত্ৰ সলনিকৰণৰ বাবে আবেদনকাৰীসকলে ৮ নং প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব বুলি জানিব পৰা গৈছে৷













