
শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত কাৰবি আংলং (Karbi Anglong) জিলাৰ সদৰ চহৰ ডিফুৰ ছাৰচিং টেৰণ (লাংকুং হাবে) (Langkung Habe) মাল্টি পাৰপজ স্পৰ্টছ কমপ্লেক্সত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বীপ (Assam State Karate Championship)ৰ সফল সামৰণি ( Successful completion) পৰে৷ চাৰিদিন ধৰি অসমৰ ৩৪ খন জিলাৰ প্ৰায় তিনিলহাজাৰ ছশ প্ৰতিযোগিৰ উজ্জীৱিত প্ৰদৰ্শনৰ পিছত আজি সফল সামৰণি পৰে প্ৰতিযোগিতাখনৰ৷

প্ৰাপ্ত তথ্য অনুসৰি প্ৰথম তিনিটা শীৰ্ষস্থান দখল কৰে ক্ৰমে, ৫১ টা সোণ, ৪০ টা ৰূপ আৰু ৪৫ টা ব্ৰঞ্জৰ পদকেৰে গুৱাহাটী প্ৰথম স্থান দখল কৰে৷ ১৫ টা সোণ, ১০ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদকেৰে ডিব্ৰুগড় দ্বিতীয় স্থান অধিকাৰ কৰে ৷ ৯ টা সোণ, ৭ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদকেৰে যোৰহাট জিলাই তৃতীয়স্থান দখল কৰিবলৈ সক্ষম হয়৷
সামৰণি অনুষ্ঠান কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ ইএম ৰিতেশ ইংহি, কাছাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ, ক্ৰীড়া সংগঠনক বিষ্ণুৰাম নুনিছা, অভিনেতা ৰাজীৱ ক্ৰ’ আৰু কেইবাগৰাকী গণ্যমান্য ব্যক্তি অতিথি হিছাপে উপস্থিত থাকে৷
আনহাতে স্থানীয় কণ্ঠ শিল্পী ছাৰণ বে’ই সুন্দৰ গীত পৰিদৰ্শন কৰি সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়৷












