
কাৰবি আংলং (Karbi Anglong) জিলাৰ সদৰ চহৰ ডিফু কাছা ষ্টেডিয়াম (Diphu Casa Stadium)ৰ অত্যাধুনিক ছাৰছিং তেৰাং (লাংকুং হাবে) মাল্টি পাৰপ’জ স্পৰ্টছ কমপ্লেক্সকত আজিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম কাৰাটে চ্ম্পিয়নশ্বীপ ২০২৪ (All Assam Karate Championship 2024) ৷ সদৌ অসম কাৰাটে এছচিয়েছনৰ উদ্যোগত আৰু কাৰবি আংলং কাৰাটে এছচিয়েছনৰ আতিথ্যত কাৰাটে চেম্পিয়নশ্বীপৰ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশীসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে৷

আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম কাৰাটে এছচিয়েছনৰ সভাপতি বিজয় গুপ্তই৷ সন্মানীয় অতিথি হিছাপে উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, বিধায়ক বিদ্যাছিং ইংলেঙ, সদৌ অসম কাৰাটে এছচিয়েছনৰ সাধাৰণ সম্পাদক আৰু গণ্যমান্য ব্যক্তিসকল৷
জানিব পৰা মতে অসমৰ ৩৪ খন জিলাৰ পৰা প্ৰায় ৩ হাজাৰ ৪ প্ৰতিয়োগীয়ে, চাব জুনিয়ৰ, জুনিয়ৰ, কেডেট, ১৯ অনুৰ্ধ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতা আগবঢ়াব৷ ইয়াৰোপৰি সদৌ অসম কাৰাটে এছচিয়েছনৰ কৰ্মকৰ্তা অভিজ্ঞ বিচাৰক মণ্ডলী আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তা সকলে কাৰাটে চেম্পীয়ণশ্বীপটি সাফল্য মণ্ডিত কৰি তুলিবলৈ এশ শতাংশ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷












