
মঙলবাৰে দিনৰ ১ মান বজাত ডিফু কাছা ষ্টেডিয়াম (Diphu Casa Stadium)ত সদৌ অসম কাৰাটে এছচিয়েছন (All Assam Karate Association)ৰ উদ্যোগত এখনি সংবাদমেল (Press conference) অনুষ্ঠিত হৈ যায়৷ সংবাদমেলত সদৌ অসম কাৰাটে এছচিয়েছনৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে সংবাদ সম্বোধন কৰি কয় যে কাইলৈৰ পৰা ২৬ অক্টোবৰলৈ ডিফুৰ লাংকুং হাবে ছাৰচিং তেৰাং মালটি পাৰপজ অডিটৰিয়াম হলত অনুষ্ঠিত হ’ব৷

অসমৰ বিভিন্ন জিলাৰ আৰু মহকুমাৰ ৩৪টা গোটৰ পৰা প্ৰায় ৩ হাজাৰ ৬শ প্ৰতিয়োগীয়ে, চাব জুনিয়ৰ, জুনিয়ৰ, কেডেট, ১৯ অনুৰ্ধ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতা আগবঢ়াব৷ কাইলৈ উদ্ধোধনী অনুষ্ঠানৰ শুভ উদ্ধোধন কৰিব কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙে৷ আজিৰ সংবাদমেলত কাছাৰ সাধাৰণ সম্পাদক ডাঃ পংকজ টেৰণ, কাৰবি আংলং কাৰাটে এছচিয়েছনৰ সভাপতি তথা সাংগঠনিক সমিতিৰ কাৰ্যকৰী সভাপতি ৰিচাৰ্ড টকবী উপস্থিত থাকে৷












