
কৰ্মব্যস্ততাৰ মাজতো সৃষ্টিশীল কামত জড়িত হ’ব পৰাতো এগৰাকী ব্যক্তিৰ বিশেষত্ব। তাতে যদি তেওঁ প্ৰশাসনিক পদত অধিষ্ঠিত হৈ থাকে, তেতিয়াহ’লে কৰ্ম আৰু সৃষ্টি একেলগে আগবঢ়াই নিয়াটোত বহু ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰে। কিন্তু সাংস্কৃতিক মনৰ এগৰাকী ব্যক্তিয়ে সকলো বাধাৰ প্ৰাচীৰ ভাঙি ওলাই আহে আৰু নিজৰ প্ৰতিভা বিকশিত কৰে।
তেনে এগৰাকী সৃষ্টিশীল আৰু সাংস্কৃতিক মনৰ ব্যক্তি হৈছে ব্ৰুহিদ ৰাভা (Bruhid Rabha)। জিলা আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী অতিকে ব্যস্ত বিষয়া হোৱা সত্ত্বেও এইগৰাকী এ চি এছ বিষয়াই অব্যাহত ৰাখিছে সংগীত (Music) চৰ্চা। নিজৰ সুকণ্ঠ (His own voice) ঢালি ইতিমধ্যে বহু ক্ষেত্ৰত তেওঁ নিজৰ গায়কী শৈলী প্ৰদৰ্শন কৰিছে। কাৰ্বি আংলং জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত এইগৰাকী জিলা নিৰ্বাচনী বিষয়াই এইবাৰ কণ্ঠদান কৰিছে ৰাভা ভাষাৰ এটি গীতত (Songs of Rabha language)। ইতিমধ্যে ইউটিউব চেনেলত প্ৰকাশ পোৱা এই গানটোৱে সমাদৰ লাভ কৰাৰ সমান্তৰালকৈ জনপ্ৰিয়ও হৈ পৰিছে। একক কণ্ঠ আৰু গায়কীৰে তেওঁ গীতটি প্ৰাণঢালি গাইছে।
‘প্ৰামচি ছুই ছুই’ (Pramsi Chui Chui) শীৰ্ষক এই গীতটিত প্ৰকাশ পাইছে শৰৎকালৰ প্ৰাকৃতিক সন্দৌৰ্যত আপ্লুত হৈ হৃদয়ত উদয় হোৱা প্ৰেম ভাবৰ কথা।

ব্ৰুহিদ ৰাভাই কণ্ঠদান কৰা গীতটিৰ কথা আৰু সুৰ ৰামধুন ৰাভাৰ। আনহাতে, সংগীত ব্যৱস্থাপনা হৈছে বিপ্ৰধৰ ৰাভাৰ।
শৰৎকালৰ পুৱতিৰ সূৰুযৰ কিৰণত নিয়ৰ আৰু কুঁৱলীৰ আৱৰণ ফালি পলকতে উদ্ভাসিত হৈ উঠা ফুলনি, ফুলৰ ৰস চুহি থকা পখিলাৰ অপৰূপ দৃশ্যই অজানিতে আমাৰ মন ভাব সাগৰত ডুবাই পেলায়। ইয়াৰ এক অনির্বাচনীয় প্ৰকাশ ঘটিছে গীতটিত। ইয়াৰ উপৰি প্ৰকৃতি প্ৰেমৰ লগতে গীতটিত মানৱ প্ৰেমৰ ভাবধাৰাও প্ৰবাহিত হৈছে।
গীতটি হৈছে :
প্ৰামচি ছুই ছুই তে
ফুঙিবা কুৱা বৗৰা…২
ৰাংছাং মানে
পাৰদাম জাছাৰা…..॥২
পাৰ ৰাংচিং ছুকছাতা
চিথোৰাংকায় তোপাক,
নাঙো নুকে আঙি মন
খৗছানে ৰেঙা খাপাক….২
কানি ৰেং নাঙি কাথা
কানি ৰেং নাঙি জৗমাং….।।২
বাৰমাছি বাছাকালি
নাঙো আছা ৰায়েয়ান,
পাৰে তোৱা পাৰ ছাক্ ছাক্
নাঙি বাদাঙান……..২
কানি ৰেং নাঙি কাথা
কানি ৰেং নাঙি জৗমাং…..।।২
গীতটিৰ অসমীয়া ভাবাৰ্থ হৈছে এনেধৰণৰ :
ভিজা ভিজা নিয়ৰত আজি
কুঁৱলী নামে প্ৰভাততে
সূৰয পাই
ফুলনিও উজ্জ্বল হয় পলকতে…॥
ফুলৰ ৰস চুমে
ধুনীয়া পখিলাজনী
তোমাক দেখি মন মোৰ
শাঁত পৰি যায় বুকুখনি…
কৈ যা… তোমাৰ কথা
কৈ যা… তোমাৰ সপোন॥
ওৰেটো জীৱন
তোমাৰ আশা লৈয়ে
ফুলে ফুল ৰঙা ৰঙা
তোমাৰ বাবেই…
কৈ যা… তোমাৰ কথা
কৈ যা… তোমাৰ সপোন॥
Parambassis gulliveri












