
কাৰবি আংলঙ (Karbi Anglong) জিলাত দৈনিক বৃদ্ধি পাই অহা নাৰী নিৰ্যাতন মূলক অপৰাধ ধৰ্ষণ (Rape of women’s atrocities), হত্যা, হিংসা (Murder, violence) আৰু শিশু শ্ৰমিক প্ৰতিৰোধৰ বাবে উদ্বিগ্ন হৈ পৰিছে পূৱ কাৰবি আংলঙৰ ৮ টা কৈ অগ্ৰণী মহিলা সংগঠন (Women’s organisations are worried)৷

কাৰবি আংলং উইমেন জাষ্টিছ ফৰাম, কে এন চি এ, আই পোৱা আৰু কাৰবি আংলং জিলা মহিলা সমিতিকে ধৰি ৮টাকৈ মহিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰও অৰ্পণ কৰে বুলি জানিব পৰা গৈছে৷












