
যোৱা ২৮ ছেপ্টেম্বৰত ডিফু (Diphu) থানা পথৰ এটা নিৰ্মাণৰত বাসগৃহত এগৰাকী ২১ বছৰীয়া বনকৰা ছোৱালী (A 21-year-old servent girl) ফাঁচি লগা অৱস্থাত উদ্ধাৰ (Rescued hanging) হোৱা ঘটনাইৰ ৬ দিন পিছত ঘটনাটোকলৈ তদন্তৰ দাবী কৰিছে অসম চাহ জনজাতি জাতীয় মহাসভা (Assam Tea Tribes National Mahasabha)ই৷
বনকৰা যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুকলৈ ডিফুত চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে আজি ঘটনাটোৱে নতুন মোৰ লৈছে ৷ অনিতা দিলুং নামৰ যুৱতীগৰাকীৰ পিতৃ টিপু দিলুঙে আজি ডিফু থানাত এয়া হত্যাকাণ্ড বুলি সন্দেহ প্রকাশ কৰি এখন এজাহাৰ দাখিল কৰে যুৱতীগৰাকীক বনকৰা ৰূপে ৰখা আংগালে ৰেংমা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে।

এজাহাৰখনত যুবতীগৰাকী বিগত এটা বছৰ ধৰি ৰেংমাৰ ঘৰত বনকৰা ৰূপে আছিল বুলি উল্লেখ কৰি ২৮ ছেপ্টেম্বৰত তেওঁক তেওঁৰ সম্বন্ধীয় ভাতৃ এগৰাকীয়ে তেওঁৰ জীয়েকে আত্মহত্যা কৰা বুলি অৱগত কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে তেওঁ ঘটনাস্থলীলৈ আহি পোৱাৰ পূর্বেই সন্মতি অবিহনে তেওঁৰ কন্যাৰ মৰণোত্তৰ পৰীক্ষা কৰা বুলি অভিযোগ কৰে। তেওঁৰ কন্যাক হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰি এই ঘটনাত গৃহস্থ ৰেংমা জড়িত থকাৰ সন্দেহ প্রকাশ কৰে পিতৃগৰাকীয়ে।
ইপিনে, অসম চাহ জনজাতি জাতীয় মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিয়ে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে কার্বি আংলং জিলা আয়ুক্তক সাক্ষাৎ কৰি ইয়াৰ এটা উচ্চ পর্যায়ৰ তদন্ত দাবী কৰি এই ঘটনা হত্যাকাণ্ড হোৱাৰ আশংকা প্রকাশ কৰে। এইক্ষেত্ৰত এবছৰ নিজৰ বাসগৃহত থকাৰ পাছতো নিহত যুবতীগৰাকীৰ ঠিকনা আৰু উপাধি আংগালে ৰেমমাই নজনাটো অতি ৰহস্যজনক আখ্যা দিয়ে চাহ জনজাতিৰ জাতীয় সংগঠনটোৰ নেতৃবর্গই। সেয়েহে কার্বি আংলং জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি সমস্ত তথ্য পোহৰলৈ অনাটো দাবী কৰে সংগঠনটোৱে।












