ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : শণিবাৰে পুৱা ৫ মান বজাত ডিফুত এগৰাকী বনকৰা ছোৱালীৰ ৰহস্যজনক ভাবে চীপলৈ থকা অৱস্থাত মৃতদেহ উদ্বাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি পুৱা ৫ বজাত পথচাৰীয়ে মৃতদেহটো দুমহলীয়া অট্টালিকাৰ পৰা ওলমি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰাৰ পিছত DMCHত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ডিফু থানাৰ পৰা ২৫০ মিটাৰ নিলগৰ এংগেলা ৰেংমাৰ নিৰ্মিয়মান অট্টালিকাত ওৰোণাৰে চীপলৈ ওলমি আছিল ছোৱালী গৰাকী মৃতদেহ৷
মৃত ছোৱালীজনী খটখটী থানা এলেকাৰ কাৰাগাওঁ নতুন বস্তিৰ অনিতা ২০ বছৰ বুলি চিনাক্ত কৰা হৈছে ৷
অনিতাই যোৱা এবছৰৰ পৰা বনকৰা ছোৱালী হিছাপে এংগেলা ৰেংমাৰ ঘৰত কাম কৰি আছিল ৷ এই সন্দৰ্ভত ডিফু থানাত ২১/ ২০২৪ নম্বৰত GDE দৰজ দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷আৰক্ষীৰ তদন্তৰ পিছত প্ৰকৃত ৰহস্য পোহলৈ আহিব বুলি আশা কৰা হৈছে ৷