লংকাৰ কাকী চলচলী গাঁৱৰ চিদ্দিকুৰ ৰহমান নামৰ ব্যক্তিগৰাকীৰ পুখুৰীত উৱলি যোৱা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।মৃতদেহটো ১নং কাকী ৭নং গাঁৱৰ ৰেজিনা বেগম বুলি চিনাক্ত কৰিছে ৰাইজে।
ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্বাৰ কৰি তদন্ত আৰম্ভ কৰিছে।বিগত তিনিদিনৰ পৰা নিখোঁজ হৈ আছিল কিশোৰীগৰাকী।স্থানীয় ৰাইজে প্ৰকাশ কৰামতে,মানসিক ভাৰসাম্যহীন আছিল কিশোৰীগৰাকী।অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।