জ্বৰ, কাহ, মূৰৰ বিষ, পেটৰ সমস্যা আদি বিভিন্ন কাৰণত সাধাৰণ মানুহে দৈনিক কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এই সমস্যাৰ সৃষ্টি হ’লে ইয়াৰ সমাধানৰ বাবে আমি ব্যৱহাৰ কৰা ঔষধ অতি নিম্নমানৰ! এক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ানক খবৰ।
এক সৰ্বভাৰতীয় সংবাদ সংস্থাৰ মতে, চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ডছ কন্ট্ৰোল অৰ্গেনাইজেচনে (CDSCO) শেহতীয়াকৈ এক সমীক্ষাৰ অন্তত (End of a survey) কয় যে দৈনন্দিন ব্যৱহাৰত ব্যৱহৃত কিছু ঔষধ প্ৰকৃততে নিম্নমানৰ (Some medicines are actually of poor quality)। লগতে এই ঔষধসমূহ বজাৰত অবাধে বিক্ৰী কৰা হৈছে বুলিও সকীয়াই দিয়ে।
অধ্যয়নটোৰ মতে, শেহতীয়াকৈ দৈনন্দিন জীৱনত ব্যৱহৃত ৫০টা ঔষধৰ ওপৰত পৰীক্ষা কৰা হৈছিল। জানিব পৰা মতে, জনপ্ৰিয় কোম্পানী এটাৰ নামত বিক্ৰী হোৱা সেই ঔষধবোৰৰ কেইবাটাও বেচৰ মানদণ্ড নিম্নমানৰ।
ইয়াৰ উদাহৰণ হ’ল ছান ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা পালমোচিল (Pulmosil)। চিডিএছচিঅ’ৰ সমীক্ষাত কোৱা হৈছে যে এই ঔষধৰ মানদণ্ড নিম্নমানৰ। অৱশ্যে এই তথ্য মিছা আৰু বজাৰত বিক্ৰী হৈ থকা ঔষধবোৰ ভুৱা বুলি সংস্থাটোৱে কৈছে। আনহাতে, কোম্পানীটোৰ পেণ্ট’চিডৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। ৰক্তচাপৰ বাবে ব্যৱহাৰ কৰা টেলমা এইচৰ কিছুমান বিশেষ বেচৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। গ্লেনমাৰ্ক কোম্পানীয়ে প্ৰস্তুত কৰিছে এই ঔষধ। অৱশ্যে কোম্পানীটোৱে দাবী কৰে যে সেই বিশেষ ঔষধৰ বেচটো কোম্পানীটোৱে প্ৰস্তুত কৰা নাছিল। আচেম হেল্থ চায়েন্সেছে প্ৰস্তুত কৰা এমোক্সিচিলিনৰ এটা বেচৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।
অৱশ্যে চিডিএছচিঅ’ৱে কোনো ঔষধৰ এটা বেচ নিম্নমানৰ বুলি ৰিপ’ৰ্ট কৰিছে যদিও ইয়াৰ অৰ্থ এইটো নহয় যে উক্ত নামৰ সকলো ঔষধৰ মানদণ্ড নিম্নমানৰ।