
কাৰবি আংলঙ (Karbi Anglong)ত নাবালিকাক ধৰ্ষণ (Rape of minor girl) কৰি এটা ৭৩ বছৰীয়া বৃদ্ধ লম্পট গ্ৰেপ্তাৰ (73-year-old man arrested) হ’বলগীয়া ঘটনাই কার্বি আংলং জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লম্পট জয়ছিং ৰংহাং (Jaising Ronghang) (৭৩) নিজ গৃহত কাম কৰিবৰ বাবে ৰখা এগৰাকী নাবালিকাক ধর্ষণ কৰি অন্তঃসত্বা (Pregnancy by raping) কৰাৰ অপৰাধত কাৰ্বি আংলং আৰক্ষীয়ে আজি গ্রেপ্তাৰ কৰি জেল হাজোতলৈ প্রেৰণ কৰে।
উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ (Howrahghat Thana) অধীনৰ লৰিংথেপী উপ-আৰক্ষী চকীৰ অন্তৰ্গত বৰছিং ৰংহাং গাঁৱত সংঘটিত হৈছিল এই জঘন্য অপৰাধ। তিনিদিন পূর্বে অন্তঃসত্বা হোৱা নাবালিকাগৰাকীক শাৰীৰিক পৰীক্ষাৰ বাবে বকলীয়াঘাট সমূহীয়া চিকিৎসালয়লৈ অনা হৈছিল।

আজি আৰক্ষীয়ে ডিফু আদালতত নাবালিকাগৰাকীৰ জবানবন্দী গ্রহণ কৰাৰ পাছত জয়ছিং ৰংহাঙক গ্রেপ্তাৰ কৰে। কাৰ্বি আংলং জিলাৰ এটা শক্তিশালী ৰাজনৈতিক দলৰ শীর্ষ নেতাৰ আত্মীয় জয়ছিং ৰংহাঙৰ গ্রেপ্তাৰক লৈ এতিয়াও ৰহস্য অব্যাহত আছে বুলি স্থানীয় লোকে মতপোষণ কৰিছে। আৰক্ষীয়ে হাওৰাঘাট থানাত ৪৪/২০২৪, ইউএছ ৬৫ (১) বিএনএছ, আব/ডব্লিউ ধাৰা ৬০৮ পকচ’ আইনৰ ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।












