![]()
বাওঁপন্থীশাসিত কেৰালা (Kerala) বৰ্তমান নাবালিকাক ধৰ্ষণ (Rape) আৰু হত্যাৰ ঘটনাত উত্তপ্ত হৈ আছে। পিনাৰায় বিজয়ন আৰক্ষীয়ে এই ঘটনাৰ বাবে ছচিয়েল মিডিয়াত ক্ষমা বিচাৰিলে। কেৰালা আৰক্ষীয়ে (Kerala Cops) লিখিছে, ‘ক্ষমা কৰিবা জীয়াৰী’। আৰক্ষীৰ মতে, নাবালিকাগৰাকীক বচাবলৈ সকলো চেষ্টা কৰিছিল যদিও বিফল হয়। ইয়াৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে। কিন্তু বিৰোধীয়ে কয় যে মণিপুৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। তেওঁলোকৰ ব্যৰ্থতা লুকুৱাবলৈ বিজয়ন চৰকাৰৰ আৰক্ষীয়ে ছচিয়েল মিডিয়াত ক্ষমা বিচাৰিছে।

বিহাৰৰ এহাল দম্পতীয়ে ব্যৱসায়ৰ বাবে কেৰালাৰ এৰ্নাকুলামত থাকে। শনিবাৰৰ পৰা তেওঁলোকৰ পাঁচ বছৰীয়া কন্যা সন্তান সন্ধানহীন হৈ আছিল। আৰক্ষীক এজাহাৰ দাখিল কৰে দম্পতীহালে। চিচিটিভিৰ ফুটেজৰ তদন্তৰ অন্তত আছফাক আলম নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে দাবী কৰা মতে, শুকুৰবাৰে নিশা মানুহজন ইমানেই মদ্যপান কৰি আছিল যে তেওঁক সোধা-পোছা কৰিব পৰা নগʼল। দেওবাৰে পুৱা তেওঁ নাবালিকাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে অলুভাৰ এখন বজাৰৰ জলাশয় অঞ্চলৰ পৰা বস্তাত ভৰাই থোৱা অৱস্থাত নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। কেৰালা আৰক্ষীয়ে ছচিয়েল মিডিয়াত লিখিছে, “সুস্থ অৱস্থাত ছোৱালীজনীক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই অনাৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে। চৰী ডটাৰ।”
এৰ্নাকুলামৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) বিবেক কুমাৰে কয়, “চিচিটিভিৰ ফুটেজ দেখাৰ পিছত আছফাকক গ্ৰেপ্তাৰ কৰা হয়। দেখা গৈছে যে তেওঁ নাবালিকা ছোৱালীজনীক লৈ গৈছে।” সংবাদ মাধ্যম পিটিআইক আৰক্ষীয়ে জনোৱা মতে, চিকিৎসা পৰীক্ষাত অনুমান কৰা হৈছে যে নাবালিকা ছোৱালীজনীক ধৰ্ষণ কৰা হৈছিল আৰু শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। ধৃত ব্যক্তিজনো বিহাৰৰ বাসিন্দা আৰু পেছাত শ্ৰমিক। ভুক্তভোগীৰ ঘৰৰ ওচৰতে বাস কৰিছিল।
বিৰোধীয়ে এই ঘটনাত বিজয়ন চৰকাৰক লক্ষ্য কৰি লৈছে। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বাওঁ চৰকাৰে এনে জঘন্য অপৰাধ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ভি মুৰলীধৰণে অভিযোগ কৰে যে ছচিয়েল মিডিয়াত ক্ষমা বিচৰাটো আৰক্ষীৰ কাম নহয়, কিন্তু প্ৰব্ৰজিত শ্ৰমিকক নিৰাপত্তা প্ৰদান প্ৰদানত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ।












