
২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি কৰা কাৰ্বি আংলং জিলাৰ ৬টা প্রাক্তন বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চ কাৰ্বি এক্স ৰিভ’লিউছনাৰী ইউনাইটেড ফ’ৰাম (Karbi X Revolutionary United Forum) নামৰ সংগঠনৰ উদ্যোগত শান্তি চুক্তিৰ তৃতীয় বার্ষিকী (Third Anniversary of the Peace Treaty) ডিফু ক্লাবত উদযাপন (Celebration at Diphu Club) কৰে। প্ৰাক্তন শীর্ষ বিদ্রোহী নেতা সংবিজিত ইংতি কাথাৰকে ধৰি বহু প্রাক্তন বিদ্রোহী নেতা উপস্থিত থকা এই তৃতীয় বর্ষপূৰ্তিত শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ আৰু বিভিন্ন উগ্রপন্থী সংগঠনসমূহৰ প্ৰাক্তন নেতা- কেডাৰসকলৰ সংস্থাপনকে ধৰি বহু কেইটা বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে।
সংবাদমাধ্যমৰে হোৱা চমু বার্তালাপত সংবিজিত ইংতি কাথাৰে চৰকাৰৰ শান্তি চুতি সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহক আদৰণি জনোৱাৰ লগতে আজি এই বর্ষপূৰ্তিত আমাৰ কেডাৰসকলৰ ভৱিষ্যত সন্দর্ভতো আলোচনা অনুষ্ঠিত হোৱা বুলি প্রকাশ কৰে। আমাৰ সংগঠনসমূহৰ সদস্য ১,৯২৬জন বুলি প্ৰকাশ কৰি চৰকাৰে ইতিমধ্যে ৪ লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰা বুলি জানিবলৈ দিয়ে।

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদেও ৫০ হাজাৰকৈ আর্থিক সাহায্য প্রদান কৰা বুলি কাথাৰে সদৰি কৰে। এই ক্ষেত্ৰত সন্তুষ্টি প্রকাশ কৰি কাথাৰে কেডাৰ সকলক সংস্থাপনৰ বাবে আৰু অধিক ব্যৱস্থা গ্রহণ কৰাৰো আহ্বান জনায়। ইতিমধ্যে শান্তি চুক্তি সম্পন্ন হৈ গৈছে সেয়ে আমাৰ সংগঠনসমূহৰ সদস্য সকলৰ বিৰুদ্ধে থকা গোচৰ সমূহ চৰকাৰে এতিয়া উঠাই লোৱা উচিত বুলিও সংবিজিত কাথাৰে মন্তব্য কৰে।
আন এগৰাকী বিদ্রোহী নেতাই শান্তি চুক্তি মর্মে আমি কিছু আর্থিক সাহায্য লাভ কৰিলো বুলি সদৰি কৰি কয় যে, ৰাজ্য চৰকাৰৰ পৰা বিদ্রোহী নেতা-কেডাৰ সকলক ষ্টাইফেন দিয়াৰ কথা চুক্তিত উল্লেখ আছে আৰু ইতিমধ্যে কেএলএনএলএফৰ প্ৰাক্তন নেতা-কেডাৰ সকলক এই ষ্টাইফেন প্ৰদান কৰা বুলি উল্লেখ কৰি আন সংগঠন কেইটাৰ নেতা-কেডাৰ সকলেও অতি শীঘ্ৰে এই ষ্টাইফেন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে। ৰাজনৈতিক সংস্থাপনৰ বিষয়টো সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে, আমাৰ ৬টা বিদ্রোহী সংগঠনৰ ৬গৰাকী নেতাক পৰিষদৰ বিভিন্ন বিভাগত অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে যদিও আগন্তুক পৰিষদৰ নিৰ্বাচনত পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি পালে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ অংশীদাৰিত্ব থাকিব বুলি আমি আশাবাদী। অসম বিধান সভাৰ নিৰ্বাচন সমাগত বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি নির্বাচনত এই ৬টা সংগঠনৰ নেতা-কেডাৰৰ ভূমিকাৰ ইংগিত প্রদান কৰে নেতাগৰাকীয়ে।












