![]()
শনিবাৰে দিনৰ ১ মান বজাত অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি (Dhansiri)ত ৰাজ্যৰ প্ৰথমটো ক্লাষ্টাৰ লেভেল ফেডাৰেছনৰ প্ৰশিক্ষণ কেন্দ্ৰ (Training Centre of Cluster Level Federation)ৰ আধাৰশিলা স্থাপন (Foundation Stone Laying) কৰা হয়৷ উল্লেখ যে ধনশিৰি চি এল এফ (CLF)টো ৰাজ্যৰ আৰ্দশ চি এল এফ হোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত বহু কেইটা সন্মান বুটলিবলৈ সক্ষম হৈছে৷

মুঠ ৩০৬ টা আত্মসহায়ক গোট লৈ গঠিত আৰু ৩৬০০ মহিলা জড়িত থকা চি এল এফৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্হাপন কৰি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) কয় যে আমাৰ বিজেপি চৰকাৰ মহিলা সবলীকৰণৰ বিষয়ত ক্ষেত্ৰত অধিক সচেতন৷ সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰায় সকলো আঁচনি মহিলাসকলক লৈয়ে কৰিছে৷
মহিলাসকল সবল হ’লেহে আমাৰ সমাজ অধিক ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব৷ তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত ধনশিৰি চি এল এফৰ সভানেত্ৰী মুকুতা হোজাইছাৰ নেতৃত্বতক প্ৰশংসা কৰে৷ তেওঁ চি এল এফৰ চৌহদ নিৰ্মাণ কৰি দিয়াৰ লগতে মহিলাসকলক ১০০ কৈ ছাগলী আৰু গাহৰি আৰু ১০০০ কৈ কুকুৰা আৰু হাঁহ পোৱালি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে আদৰণি ভাষণ দি ধনশিৰি চি এল এফে নিজৰ ধনেৰে মাটি কিনি কাৰ্যালয় নিমাৰ্ণ কৰা কাৰ্যক প্ৰশংসা কৰি তেওঁলোকৰ কামৰ বাবেই প্ৰধানমন্ত্ৰী খনিজ কল্যাণ নিধিৰ পৰা ৭৭ লাখ টকাৰে আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দিবলৈ এই প্ৰশিক্ষণ কেন্দ্ৰটো নিমাৰ্ণ কৰিবলৈ লোৱা হৈছে বুলি কয়৷
সাংসদ অমৰ ছিং তিচ’ আৰু বিধায়ক বিদ্যাছিং ইংলেঙে ধনশিৰিৰ মহিলাসকলৰ কামৰ প্ৰসংশা কৰি তেওঁলোকে এতিয়া অধিক উৎপাদনশীল কামত মনোনিবেশ কৰিব পাৰিব বুলি কয়৷ সাংসদ তিচ’ই কিছু মহিলাক দেশৰ সৰ্বশ্ৰেষ্ঠ আত্মসহায়ক গোটটোৰ কাম দেখুবাবলৈ অন্ধপ্ৰদেশলৈ নিব বুলি কয়৷












