
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ বজাত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan) ৰেলৱে দলং কাষত ড্ৰাগছসহ দুই যুৱক আটক (Two youths arrested with drugs) কৰে খটখটী আৰক্ষী (Khatkhati police)য়ে ৷ আৰক্ষীয়ে যুৱক দুজনৰ পৰা প্লাষ্টিকৰ দুটা চাধা টেমাত সৰ্বমুঠ ১৩.৩০০ গ্ৰাম সন্দেহজনক হেৰইন উদ্ধাৰ (13.300 grams of heroin recovered) কৰিবলৈ সক্ষম হয়৷

আৰক্ষী উদ্ধাৰ হোৱা হেৰইনখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে সন্দেহজনক হেৰইনখিনিৰ সৈতে দুই যুৱক ক্ৰমে ডিফুৰ বিজয় ৰায় (২৭) আৰু শুকানজানৰ বিকি গিৰি (৩৩ ) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱক দুজনে হেৰইনখিনি দেহত লুকুৱাই আনিছিলে।













