বৃহস্পতিবাৰে দিনৰ ১২ মান বজাত তাৰালাংচৰ কাজিৰ ৰংহাঙপী গেষ্ট হাউছত এক সংবাদমেল আয়োজন কৰি সম্প্ৰতি কাৰবি আংলঙত আলু,পিয়াজৰ অত্যাধিক মূল্য বৃদ্ধিকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ উল্লেখযোগ্য মিকিৰ হিলছ মাৰ্কেটট মেনেজমেণ্ট কাউঞ্চিল টেক্স এক্ট ১৯৫৪ অনুসৰি পৰিষদে কাৰবি আংলঙত প্ৰৱেশ কৰা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিবলৈ প্ৰৱেশ টেক্স গেইট খুলিছিল ৷
উক্ত টেক্স গেইট মুকলি কৰাৰ লগে লগে প্ৰতিকলো আলু, পিয়াজৰ মূল্য বৃদ্ধি হৈ ৫০-পৰা ৬০ টকা হ’ল ৷ মূল্যবৃদ্ধিৰ লগে লগে গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ সেয়ে বিষয়টোকলৈ উদ্বিগ্নতা প্ৰকাশ কৰি তুলিৰাম ৰংহাঙে আলু, পিয়াজৰ ওপৰত লগোৱা প্ৰতিকিলোত ৫ পইছাৰ কৰ আজিৰ পৰা সামগ্ৰীক ভাবে প্ৰত্যাহাৰ কৰে বুলি জানিবলৈ দিয়ে ৷ তদুপৰি সামগ্ৰী প্ৰৱেশ কৰৰ অজুহাত দেখুৱাই কাৰবি আংলঙত আলু, পিয়াজৰ অত্যাধিক মূল্য লোৱা পাইকাৰী ব্যৱসায়ী সকলৰ লগত আলোচনা কৰি উচিৎ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে৷