
কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক পৱিত্ৰ বৰালৈ অসম সাহিত্য সভাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ʼজয়ছিং হাঞ্চে স্মাৰকʼ ( Joysing Hanse Award) বঁটা। অসম সাহিত্য সভাই আজি ডিফুস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত এক সংবাদমেল (Press conference) আয়োজন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড: উপেন্দ্ৰজিত শৰ্মাই এই কথা সদৰি কৰে। অহা ২১ জুলাই দেওবাৰে দিনৰ দহ বজাত অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত বৰাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হʼব।

উল্লেখযোগ্য যে, যোৱা কেইবাটাও দশক ধৰি সক্ৰিয়ভাৱে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পৱিত্ৰ বৰাৰ লেখা অসমৰ আগশাৰীৰ কাকত-আলোচনীসমূহত প্ৰকাশ পাই আহিছে। কাৰ্বি আংলং জিলাৰ কেইবাজনো পুৰোধা ব্যক্তিৰ জীৱন আৰু কৃতি সামৰি বৰাৰ সম্পাদনাত ইতিমধ্যে সাতখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ পাইছে।
ইয়াৰ পূৰ্বে বীৰেণ সিংহ, স্বৰ্গীয় বসন্ত দাস, ফুকন চন্দ্ৰ ফাংছʼ, যজ্ঞোৰাম গগৈ, দিলীপ শৰ্মা, টংক কোঁৱৰ, দিলীপ কলিতা আৰু লুঞ্চে তিমুঙক এই বঁটা প্ৰদান কৰা হৈছিল। আজিৰ সংবাদমেলত অসম সাহিত্য সভাৰ উপসভাপতি ড: গিৰিশ সন্দিকৈ, অসম সাহিত্য সভা ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, কাৰবি আংলং সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা আৰু ডিফু সাহিত্য সভাৰ সম্পাদক ইৰাজ কুমাৰ শইকীয়া উপস্থিত থাকে৷












