![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙৰ ভূমিত ভূমিষ্ট হ’ল আন এখন পৱিত্ৰ গ্ৰন্থ ৷ আজি ঐতিহ্যপূৰ্ণ ডিফু ক্লাৱৰ এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাত জিলাখনৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্য কাণ্ডাৰী আৰু সুধীবৃন্দৰ উপস্থিতিত লেখক তথা জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাৰ প্ৰবন্ধ সংকলন “ৰূপান্তৰৰ কথকতা” বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে উন্মোচন কৰে ৷
জনপ্ৰিয় কবি চাৰএৎ হাঞ্চেৰ সভাপতিত্বত হোৱা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে কয়- পৱিত্ৰৰ গ্ৰন্থখনৰ বেটুপাত অংকণ কৰিছে প্ৰখ্যাত শিল্পী বীৰেণ সিংহই ৷
বীৰেণ সিংহৰ এই চিঞৰৰ অৰ্থ হ’ল আশাৰ চিঞৰ ৷ একেদৰে পৱিত্ৰৰ গ্ৰন্থখনে এক আশাৰ বতৰা দিছে ৷ গ্ৰন্থখনৰ বেটুপাত আৰু নামৰ মিলেই গ্ৰন্থখনৰ সাৰ্থকতা প্ৰতিপন্ন কৰিছে ৷ লেখকে সম্পাদনা কৰা অতিকৈ মূল্যবান পূৰ্বৰ গ্ৰন্থ সমূহৰ দৰে এইখন গ্ৰন্থও পঢ়ুৱৈ সমাজে আদৰি ল’ব বুলি তেওঁ আশা কৰে ৷
সভাখনত নিদিষ্ট বক্তাৰ ভাষণ দি অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড: কুসুম্বৰ বৰুৱাই কয় যে, গ্ৰন্থখনত মাটিৰ গোন্ধ আছে ৷ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ বিষয়ে অতি নিটুলকৈ লিখা হৈছে ৷ লেখকগৰাকী শব্দক লৈ বৰ সচেতন ৷
সেয়ে তেখেতৰ গদ্যৰ এক সুকীয়া সুৱাদ পাব সকলোৱে ৷ সভাপতিৰ আসনৰ পৰা বিশিষ্ট কবি চাৰএৎ হাঞ্চেই কয় যে পৱিত্ৰৰ সন্দৰ্ভত হোমেন বৰগোহাঞি চাৰে কৈছে কাৰবি আংলং জিলাৰ বোকাজানত জন্মগ্ৰহণ কৰা পৱিত্ৰ বৰা কাৰবিতকৈও বেছি কাৰবি। কাৰবি সমাজ, সংস্কৃতি , ৰাজনীতি আৰু সাহিত্যৰ বিষয়ে তেওঁতকৈ বেছি জনা দ্বিতীয় এজন ব্যক্তি আছে বুলি মই বিশ্বাস নকৰো ৷
ইয়াৰ পিছত মোৰ আৰু কবলৈ নাই কিন্তু এটা কথাই কম পৱিত্ৰই এই ধাৰা অব্যাহত ৰাখক ৷ লেখক বৰাই নিজৰ ভাষণত ভাল গদ্য লেখা অতি জটিল কাম বুলি কৈ গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি ল’লে সুখী হ’ব বুলি কয় ৷ ডিফু, বোকাজান আৰু বকলীয়াঘাটৰ বৌদ্ধিক সমাজ আজিৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে ৷ সভাখনৰ আতঁ ধৰে সাংবাদিক সঞ্জু বৰাই।












