
মঙলবাৰে পুৱা কাৰ্বি আংলং জিলা (Karbi Anglong District)ৰ বোকাজান আৰক্ষী (Bokajan Police)য়ে চোৰাংকৈ সৰবৰাহৰ (smuggling) চেষ্টা কৰা ২৫ টা কুকুৰসহ (with 25 dogs) এখন বাহন জব্দ (A vehicle seized) কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক (Two traffickers arrested) কৰিবলৈ সক্ষম হৈছে।

যোৰহাটৰ পৰা ডিমাপুৰৰ দিশে আহি থকা এএছ-০২-কে-৫৭০৪ নম্বৰৰ ইণ্ডিগʼ বাহনখনত বোকাজান থানাৰ অন্তৰ্গত সৰিয়হজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বোকাজান আৰক্ষীৰ এটা দলে তালাচী চলাই বস্তাত বান্ধি ৰখা অৱস্থাত ২৫ টা কুকুৰ উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা কুকুৰকেইটা বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে অনা হৈছিল বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে যোৰহাটৰ সঞ্জীৱ টায়ে আৰু লক্ষেশ্বৰ দলে নামৰ দুই সৰবৰাহকাৰীক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷












