ভাৰত-চীন সীমান্তৰ বোধি নদীয়ে উটুৱাই নিলে ভাৰতীয় সেনাৰ (Indian Army) পাঁচ জোৱান। শুকুৰবাৰে গভীৰ নিশা লেহৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। শনিবাৰে পুৱা সেনাই এই ঘটনাটো প্ৰশিক্ষণৰ সময়ত সংঘটিত হোৱা বুলি অৱগত কৰে। এই দুৰ্ঘটনাত পাঁচোজন জোৱানৰ মৃত্যু হয়। ইয়াৰ ভিতৰত আছে সেনাবাহিনীৰ এজন কনিষ্ঠ কমিছনড অফিচাৰো।
![Indian Army Soldier Killed in Ladakh I লেহৰ বোধি নদীত প্ৰশিক্ষণৰ সময়ত টেংক দুৰ্ঘটনাত ৫ ভাৰতীয় সেনা জোৱান 3 Indian Army Soldier Killed in Ladakh I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240629_173218.jpg?resize=720%2C404&ssl=1)
শুকুৰবাৰে নিশা প্ৰায় ১ বজাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ দৌলাত বেগ অল্ডি অঞ্চলত চলি আছিল এই প্ৰশিক্ষণ অভিযান। সেনাৰ দলটোৱে টি-৭২ টেংকেৰে বোধি নদী পাৰ হ’বলৈ চেষ্টা চলাইছিল। কিন্তু হঠাৎ নদীৰ পানী বাঢ়িবলৈ ধৰে।
এই বিষয়ে সতৰ্ক হোৱাৰ পূৰ্বেই টেংকসহ সেনা জোৱানকেইজন নদীত উটি যায়। ঘটনাৰ কিছু সময়ৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ হয়। প্ৰথমে খবৰ আহিছিল যে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী চাৰিজনৰ সন্ধান চলি আছিল। পিছত সেনাবাহিনীয়ে খবৰ দিয়ে যে বাকী চাৰিজনৰো মৃত্যু হৈছে।
ইফালে শনিবাৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয়, “লাডাখত সংঘটিত দুৰ্ঘটনাত পাঁচজন সাহসী জোৱানৰ মৃত্যুত মই দুখ অনুভৱ কৰিছোঁ। দেশৰ বাবে এই জোৱানসকলৰ অৱদান আমি পাহৰিব নোৱাৰো। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। সমগ্ৰ দেশ তেওঁলোকৰ লগত আছে।”