![]()
বৃহস্পতিবাৰে সন্ধিয়া ৩ বাজি ৩০ মিনিটত সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি ডিফুৰ লাংকুং হাবে মেমৰিয়েল টাউন হল (Langkung Habe Memorial Town Hall in Diphu)ত কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাবে বিষ্ণু ৰাভা দিৱস উদযাপন (Vishnu Rabha Divas celebrations) কৰা হয়৷ কাৰ্যসূচী অনুসৰি প্ৰথমতে বন্তি প্ৰজলন কৰাৰ পিছত কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে কাৰবি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰচিং ক্ৰ’ই৷

কাৰবি আংলং জিলা প্ৰশানৰ জ্যেষ্ঠ সহায়ক অজন্তা ছাৰংছাৰ পৰিচালনাত অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা বিজেতাসকলে ৰাভা সংগীত পৰিবেশন কৰে৷ইয়াৰোপৰি সন্মানীয় অতিথি হিছাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰভাত চন্দ্ৰ তাৰ’ৱে (Prabhat Chandra Taro) ৰাভা সংগীত পৰিৱেশন (Rabha Songs Performance) কৰি দৰ্শকক আপ্লুত কৰে৷
আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত মধুমিতা ভাগৱতীকে ধৰি বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’ আৰু ডিফুৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ ইয়াৰ পিছতেই তেজপুৰত অসম চৰকাৰ উদ্যোগত কেন্দ্ৰীয়ভাবে উদযাপিত ৰাভা দিৱসৰ লাইভ সমপ্ৰচাৰ কৰা হয়।












