![]()
লংকা আঞ্চলিক ছাত্ৰ সন্থা আৰু নৱজাগৰণ কৃষ্টি সংঘৰ যৌথ উদ্যোগত লংকাত আজি ৰাভা দিৱস উপলক্ষে বান সাহায্য প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
উক্ত কাৰ্যসূচীত লংকা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুপৱন তামুলী ফুকন আৰু সাধাৰণ সম্পাদক শান্তনু বৰা আৰু লগতে নৱজাগৰণ কৃষ্টি সংঘৰ সভাপতি জান্টু বৰা, বিত্ত সম্পাদক কপিল বৰাকে প্ৰমুখ্য কৰি লংকা আঞ্চলিক ছাত্ৰ সন্থা আৰু নৱজাগৰণৰ সকলো বিষয় ববীয়া উপস্থিত থাকে।

সম্প্রতি ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গীত নৃত্য আদিৰ সমাহাৰৰ জৰিয়তে ৰাভা দিৱস উদযাপনৰ পৰা বিৰত থাকি এনে ধৰণে এক ব্যতিক্রমী পদ্ধতিৰে বানৰ কবলত থকা সকলৰ ওচৰত থিয় দি দিৱসটি উদযাপন কৰে সংগঠন দুটাৰ কৰ্মী সকলে। উল্লেখ থাকে যে, কপিলীৰ বাঢ়নী পানীয়ে সৰ্বহাৰা কৰা বানপীড়িত লোকসকলে আশ্ৰয় লৈ থকা লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত ডাবলং প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে উক্ত বান সাহায্য প্ৰদান কৰে।













