শনিবাৰে বিয়লি ৪ মান বজাত খটখটী আৰক্ষী (Khatkhati Police)য়ে আজি বিয়লি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় ঘাইপথৰ কালিৰাম বস্তি (Kalirambasti)ত বহোৱা এক নাকা তালাচীত দুজন নগা যুৱকক হেৰ’ইনসহ আটক (Two Naga youths arrested with heroin) কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে লাভ কৰা তথ্য মতে দুজন যুৱকে এখন মটৰ চাইকেলেৰে আহি থকা অৱস্থাত তেওঁলোকক ৰখাই তালাচী চলোৱা হৈছিল।
তালাচীত ৭টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ৮৪.৬৫ গ্রাম হেৰ’ইন উদ্ধাৰ (84.65 gm heroin recovered) কৰা হয়। এই সংক্রান্তত ধৃত যুৱক দুজন ক্রমে- ডিমাপুৰ জিলাৰ ইষ্ট পুলিচ ষ্টেচনৰ অধীনৰ ফাইপিজাং গাঁৱৰ কামটিনমাং (৩৫) আৰু চুমুকডিমা জিলাৰ ঘাচপানী পুলিচ ষ্টেচনৰ অধীনৰ পাওলান টুবি (২৯) বুলি জানিব পৰা গৈছে।